তামিল মৌখিক সাহিত্যৰ বিশেষ ঠাই জিনিছে; মাধৱদেৱৰ হাজাৰী
ঘোষা”ৰ দৰে তামিল সাহিত্যৰো হাজাৰী ঘোষা আছে। “কল্যাণ
কল্পত” আদি ধৰ্মমূলক আলোচনীত দিয়া বিৱৰণ অনুসাৰে
আজিকালিলৈকে পুহ-মাঘ মহীয়া দহ দিন দহ ৰাতি জুৰি যি মাৰ্গলি
উৎসৱ হয় তাত দাক্ষিণাত্যৰ বৈষ্ণৱ মন্দিৰবোৰ কৃষ্ণ-ভক্তি-গীতেৰে
মুখৰিত হৈ উঠে। পুৱা আমাৰ শঙ্কৰদেৱ মাধৱদেৱৰ ৰচিত বৰগীতেৰে
প্ৰথম প্ৰসঙ্গ চলাৰ দৰে, মাৰ্গলি উৎসৱত দোকমোকালিতে
“থিৰুপ্পাৱি” বোলা শ্অীণ্ডলৰ ভক্তিগীতিবোৰ গোৱা হয়। আকৌ,
উজনি অসমৰ হুচৰি আৰু নামনিৰ মহ-খেদা গীত গোৱাৰ দৰে
মহানৱমী (দশোহৰা) উৎসৱত দাক্ষিণাত্যৰ সদৌ লৰা-ছোৱালীয়ে
হাতে হাতে সৰু সৰু মাৰি লৈ তাকে বজাই ঘৰে ঘৰে কৃষ্ণ-শীলা
বিষয়ক গীত গাই “কুম্মি” আৰু “কোলত্তম” বোলা চহা নাচ নাচে।
সম্প্ৰতি দক্ষিণ ভাৰতৰ বৰ বৰ নগৰতত, ইংৰাজী আদৰ্শ বিদ্যালয়তো,
এইবোৰ নাচ সোমাবলৈ ধৰিছে। ইমানেই নহয়, বিতোপন বসন্তৰ
কোনো পূৰ্ণিমা নিশা ৰমক-জমক সাজ-পাৰ পিন্ধি কৃষ্ণলীলাৰ গীত
গাই নচা তাৰ ডেকা-গাভৰুও দেখিবলৈ পোৱা হয়; গৰখীয়া লৰাই
কৃষ্ণ-ভক্তিৰ গীতেৰে পথাৰ ৰজন-জনা কৰে, কৃষ্ণ-যশোদাৰ কাহিনী
লৈ গীত নুজুৰিলে মাকৰ লৰা নিচুকোৱাই নহয়। অসমীয়া সমাজৰ
লগত ইমান সাদৃশ্য সচাকৈয়ে আচৰিত।
⸻