পৃষ্ঠা:Yugnayak Sankardeva.djvu/৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
যুগনায়ক শঙ্কৰদেৱ

মাদি দেৱ পুৰু পুৰাণঃ সমস্ত বিষ পৰ নিদান। বেত্তাসি বেঞ্চ পৰ ধামঃ য়া ততং বিশমনন্তৰূপ।”

গীতা মহাভাৰতৰ কিছু পূৰ্ববৰ্তী, কিয়নো তাৰ শান্তিপৰ্বত (১২৷৩৪৬৷ ১০-১১) হৰি-গীতা বুলি ইয়াৰ উল্লেখ আছে। দৈৱকী পুত্ৰ বাসুদেৱ কৃষ্ণৰ জন্ম যেনে তেনে খৃষ্টপূৰ্ব এক সহস্ৰ বছৰৰ অলপ আগ; গতিকে কৃষ্ণৰ আবিৰ্ভাবৰ প্ৰায় এক সহস্ৰ বছৰৰ পাছত গীতাত পোনতে উপনিষদৰ সেই ব্ৰহ্মৰ লগত কৃষ্ণক এক কৰা হৈছে। তাৰ আগৰ উপনিষদবোৰত আৰু পাছৰ মহাভাৰততো কৃষ্ণ মথুৰাৰ সাত্বত যদু বা বৃষ্ণি বংশৰ ক্ষত্ৰিয় ৰজা, বীৰ, ৰাজনীতিক, মানৱী দেৱতা বা গুৰুৰূপেই প্ৰকাশ পাইছে।

 কিন্তু ভাগৱত পুৰাণত কৃষ্ণৰ ৰূপ আৰু সুকীয়া; মহাভাৰততো তাৰ প্ৰকৃত আভাস নাই। ভাগৱত আৰু অন্যান্য পুৰাণত বৰ্ণোৱা গোপ-কৃষ্ণৰ কাহিনীবোৰৰ সৰহ ভাগেই বৈদিক বিষ্ণুৰ বিভিন্ন বৰ্ণনাৰ পৰা অনা। পোনতে ঋকবেদৰ “ত্ৰিণি পদা বিচক্ৰমে বিষ্ণু গোপা অদাভ্যঃ” (১৷২২৷১৮)—ইয়াত “বিষ্ণুগোপা” শব্দটো মন কৰিব লগীয়া। তাতেই আকৌ বিষ্ণুৰ আৱাসত বহুত শিঙাল খৰটকীয়া গাই থকাৰ (১৷১৫৷৪৬), শৈশৱ পাৰ হৈ যৌৱনত ভৰি দিয়া কৃষ্ণ (১৷১৫৷৫৬), বিষ্ণুৰ হাতত পৰাজিত হোৱা সম্বৰৰ কাহিনী(৭৷৯৯৷৫) পোৱা হয়। বোধায়ন ধৰ্মসূত্ৰত (২৷৫৷২৪) বিষ্ণুক গোবিন্দ বা দামোদৰ বুলিছে। কিন্তু হৰিবংশ আৰু ভাগৱত পুৰাণত বৰ্ণোৱা গোপ-কৃষ্ণৰ সম্বন্ধৰ কোনো ঐতিহাসিক ভিত্তি নাই। যেনেকৈয়ে হওক, অতি সম্ভৱ, এই আলৱাৰসকলৰ অপূৰ্ব ভক্তি-ধৰ্মই ভাগৱত পুৰাণৰ ভেটি, আৰু গুপ্ত যুগতে বাসুদেৱৰ প্ৰচাৰিত সাত্বত বা কৃষ্ণ ধৰ্মই ভাৰতৰ বৈষ্ণৱ-ধৰ্মৰ প্ৰথম গঢ় লৈছে।