কলীয়াৰ সৈতে উমিলিবাঁ?
মন আছে যদি আহি যাবাঁ-
লুকাব এতিয়া লুকাব ঐ,
ডাৱৰো লুকাব জোনটি লৈ।’
অসমীয়া দিহা-ঘোষাৰ “ৰাধিকা সুন্দৰী দুয়ো জনা, কদমৰ তললৈ মাতি আনা” তুলনীয়।
নৱল আলৱাৰ অণ্ডল এই বিষ্ণুচিত্তৰে জীয়েক; এওঁ ভক্তি-কন্যা বুলি প্ৰসিদ্ধ, আৰু এওঁক প্ৰায় সাত আঠ শ শতিকাৰ পাছৰ মীৰাবাইৰ প্ৰতিমা বুলিব পাৰি। কৃষ্ণৰ লগত আধ্যাত্মিক পৰিণীতা বুলি এওঁৰ কোনো মানুহৰ লগত বিয়া নহল, কিন্তু মীৰাবায়ে বিয়া হৈও সেই বিয়া ভঙ্গ কৰিলে। এওঁৰ গীত—
‘কৃষ্ণ নামৰে ষাঁড় পোৱালিটি,
ৰামৰে পাছৰে ক'লা দামূৰিটি,
ক’তে ফুৰিছে উমলি--
দেখিলা বাটতে ধেমালি?
‘দেখিলোঁ, দেখিলোঁ, গৰু চৰায়;
বাটতে পোৱালি পানী পিয়ায়।
‘বৃন্দাবন-বিহাৰী কাণু;
ক’তে দেখিলা জানো?
অসমীয়া দিহা-ঘোষা “আমাৰে কৃষ্ণাইক ক’তে দেখিলা? চাৰে বৃন্দাবনে ধেনু হে!” এনে গীতৰ লগত তুলনীয়।
ঘোৰ আঙ্গিৰসৰ শিষ্য দৈৱকী পুত্ৰ বাসুদেৱ খৃষ্টপূৰ্ব যুগতে বেশনগৰ লিপি আদিত গ্ৰীক দূত হেলিয়দৰাৰ নমস্য “দেৱদেৱ’’ৰ শাৰীলৈ উঠিলেও, সদৌ উপনিষদ-সাৰ গীতা শাস্ত্ৰত তেওঁ অকল বিষ্ণু (সূৰ্য্য) দেৱতাৰ দৰে প্ৰধান দেৱতাই নহয়-