পৃষ্ঠা:Yugnayak Sankardeva.djvu/৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬
খুগনায়ক শঙ্কৰদেৱ

যোগিবাহন; (১২) তিৰুমঙ্গয় বা পৰকাল। লিপিমূলক প্ৰমাণ অনুসাৰে প্ৰথমজনৰ কাল খৃষ্টীয় পঞ্চম বা ষষ্ঠ শতিকাৰ পাছ নহব, আৰু শেষৰ জনৰ খৃষ্টীয় অষ্টম শতিকাৰ আগছোেৱাৰ আগ নহব। কিন্তু ভাণ্ডাৰকাৰৰ মতে সপ্তম জনৰ কাল দ্বাদশ শতাব্দীৰ আগছোৱা, কিয়নো সেই কুলশেখৰ আলৱাৰ ট্ৰেভাঙ্কৰৰ ৰজা আছিল আৰু তেওঁৰ ৰচিত “মুকুন্দমালা” পুথিত ভাগৱত পুৰাণৰ ১১৷২৷৩৬ শ্লোকৰ উদ্ধৃতি পোৱা হৈছে। সি যি হওক, এই আলৱাৰসকলেই জয়ে জয়ে তামিলত ভক্তিমূলক গীত ৰচি গাই প্ৰচাৰ কৰে; আৰু তাৰ দ্বাৰা আগৰ শৈৱ ধৰ্ম, জৈন ধৰ্ম আদি তল পেলায়।

 আচৰিত কথা, আলৱাৰসকলৰ ৰচিত এই ভক্তি-গীতবোৰৰ লগত অসমীয়া দিহা-ঘোষাৰ ভাব আৰু অনুভৱৰ এনে অপূৰ্ব মিল আছে যে এবিধ আন বিধৰ ঘনিষ্ঠ অনুকৰণ যেন লাগে। অসমীয়াৰ দৰেই তামিলতো কৃষ্ণৰ মৰমৰ নাম কানু, কানাই ইত্যাদি। বৌদ্ধ ঘটজাতকতো কৃষ্ণ কান্হু বা কানু। সপ্তম আলৱাৰ পেৰিয় বা বিষ্ণু চিত্তৰ এটি গীতৰ কথা-

“ৰুণুক-জুনুক কৰি পাৱৰ নূপুৰ,
ৰুন্-জুন্ অলঙ্কাৰ দুটি বাহুৰ,
ডিঙিৰে ওলমাই সোণৰে হাৰ
কাণু মোৰ হয় বোকোচাৰ ভাৰ;
লুকাই লুকাই অ’, পিছৰ পৰাই।’’

অসমীয়া দিহা-ঘোষাৰ “ধৰ ধৰ কলীয়া কলৈ পলায়?••ৰুণুক-জুনুক কৰি নূপুৰ বজায়” তুলনীয়। আকৌ তেওঁৰে--

‘মোৰে এধানি বাউনাটি,
মোৰে সৰগৰ অমিয়া পি-
মোৰে প্ৰভুৱে মাতে গৈ,
এধানি হাত বাউল দি ঐ!!