পৃষ্ঠা:Yugnayak Sankardeva.djvu/৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৫
দ্ৰাবিড়ী দেশত ভক্তি ধৰ্ম

আটাইতকৈ পুৰণি তামিল কাব্য “সংগম্” নামে অভিহিত; বৰাথম্ পাড়ীয় পেৰন্ থেৱানৰ এনে এজন সংগম কবি। “প্যাৰী পাদল’’ সংগম কবিতাৰ যুগৰে প্ৰাচীন-গন্ধী তামিলত লিখা এখনি সুমধুৰ ভক্তিকাব্য। তামিলীসকলৰ শ্ৰেষ্ঠ মহাকাব্য “সিলপ্পথিকৰম্’’ খৃষ্টপূৰ্ব কালতে তেতিয়াৰ চেৰা ৰজাজনৰ ভায়েক ঈলম কো আদিগল নামৰ ৰাজ-সন্ন্যাসীয়ে ৰচা; তাত কেইবাটাও কৃষ্ণ-ভক্তিৰ কবিতা পোৱা হয়।

 অন্ততঃ খৃষ্টপূৰ্ব প্ৰথম শতিকাৰ আগতে সাত্বত ধৰ্ম দাক্ষিণাত্য সোমোৱাৰ কথা নানাঘাট লিপি আদিয়েও প্ৰমাণ কৰে। যজ্ঞশ্ৰী শাতকৰ্ণিৰ কালৰ চীনা লিপিয়ে খৃষ্টীয় দ্বিতীয় শতিকাত কৃষ্ণা নৈৰ অঞ্চলত সাত্বত ধৰ্ম প্ৰচলিত থকাৰ সাক্ষ্য দিয়ে। খৃষ্টীয় চতুৰ্থ শতি কাৰ সমুদ্ৰগুপ্তৰ বিখ্যাত আলাহাবাদ গুলিপিৰ প্ৰশস্তিত থকা কাঞ্চিৰ অৰ্থপূৰ্ণ “বিষ্ণুগোপ” নামেও সেইকালত দাক্ষিণাত্যৰ দক্ষিণ- তম প্ৰদেশত এই ধৰ্ম প্ৰচলিত থকাৰ সঙ্কেত দিয়ে। ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকাৰৰ মতে গুপ্ত সম্ৰাটসকলৰ মোহৰত তেওঁলোকৰ নামৰ আগত “পৰম ভাগৱত” থকা কথাই তেওঁলোকৰ সেই ধৰ্মৰ প্ৰতি থকা প্ৰগাঢ় শ্ৰদ্ধা আৰু পৃষ্ঠপোষকতা প্ৰমাণ কৰে; কামৰূপৰ ৰজা সমুদ্ৰবৰ্মাৰ পিতাক পুষ্যবৰ্মা সমুদ্ৰগুপ্তৰ পৰম সুহৃদ আছিল আৰু সম্পূৰ্ণ সম্ভৱ, সেই সৌহাৰ্দ্যৰ সম্পৰ্কতে গুপ্ত ভাস্কৰ্য্য আৰু গুপ্তাব্দ সোমোৱাৰ দৰেই গুপ্ত পৃষ্ঠপোষকতাৰ সাত্বত ধৰ্মও সোমায়।

 কিম্বদন্তি মতে, প্ৰসিদ্ধ বাৰজন আলৱাৰৰ প্ৰথমজনৰ কাল খৃঃ পূঃ ৪২০৩ আৰু শেষৰ জনৰ খঃ পূঃ ২৭০৬। কৃষ্ণস্বামী আয়েঙ্গাৰৰ বিচাৰত বাৰজন আলৱাৰ সময়ৰ ক্ৰমমতে-(১) পয়গয় বা সাৰো- যোগিন্; (২) ভূতাত্তাৰ বা ভূতযোগিন্; (৩) পে বা মহদ৷ (ভ্ৰান্ত) যোগিন্; (৪) তিৰুমালাসয় বা ভক্তিসাৰ; (৫) নাম বা শথকোপ; (৬) মধুৰ কবি; (৭) কুলশেখৰ; (৮) পেৰিয় বা বিষ্ণু চিত্ত; (১) অণ্ডল; (১০) ভণ্ডৰাদিপ্পাদি বা ভক্তাঙ্ ঘ্ৰিৰেণু; (১১) তিৰুপা বাম