নৱ
দ্ৰাবিড়ী দেশত ভক্তি ধৰ্ম
গুপ্ত যুগৰ বিশেষ বৈশিষ্ট্য হল, ই ভাগৱত শাস্ত্ৰ-ৰচনাৰ কীৰ্ত্তিৰে মণ্ডিত। ভাগৱত শাস্ত্ৰ যে সেই নামৰ পৰিয়ালটোতকৈ বহুত পাছৰ তাত সন্দেহ নাই; মহাভাৰতৰ শান্তিপৰ্বত এই শব্দটোৱে যে শাশ্বত আদি নামৰ পৰিয়ালটোক বুজাইছিল ই নিশ্চয়। সপ্তম শতিকাৰ আগছোৱাত ৰচা বাণভট্টৰ “হৰ্ষচৰিত’’ত উল্লেখ আছে, বৌদ্ধ আৰু জৈনৰ বাহিৰে শিলাদিত্যই ভাগৱত তথা পঞ্চৰাত্ৰসকলকো দেখা কৰিছিল। নৱম শতিকাৰ আগছোৱাত শঙ্কৰাচাৰ্য্যৰ বেদান্তসূত্ৰৰ ভাষ্যত পঞ্চৰাত্ৰ বা ভাগৱতসকলৰ মত অসম্পূৰ্ণ আৰু অনৈষ্ঠিক বোলা কথায়ো তাকে দেখুৱায়। চতুৰ্থ শতিকাৰ আগত গীত শাস্ত্ৰৰ নাম যিদৰে পোৱা হয়, ভাগৱত শাস্ত্ৰৰ নাম কতো ঘুণাক্ষৰেও পোৱা নহয়। তাম্ৰপৰ্ণী আৰু কাবেৰী নৈ বৈ একা (দ্ৰাবিড়) দেশত নাৰায়ণৰ ভক্তসকলক সণ্ঢালনিকৈ পোৱা হয়(ভাগৱত ১১৷৫৷৩৮-৪০), কথাষাৰে অৱশ্যে ভক্তিগৃহ তামিল দেশৰ আলোৱাৰ প্ৰমুখ্যে ভক্ত- সকলৰ কথাকে নিৰ্দেশ কৰিছে।
খৃষ্টপূৰ্ব কালতে তামিল দেশত কৃষ্ণ-বলোৰাম (বাসুদেৱ-সঙ্কৰ্ষণ) উপাসনাৰ পাতনি মেলাৰ পোনপটীয়া প্ৰমাণ পোৱা হয়। মাদুৰা, কাবিৰিপদ্দিনম, আদি দাক্ষিণাত্যৰ নগৰবোৰত থকা কৃষ্ণ-বলৰামৰ মন্দিৰৰ উল্লেখ “চিলপথ থিকৰম্” আদি পুৰণি তামিল কাব্যত আছে। “কাবিৰিপদ্দিনম”ৰ কবি কৰিকান্ননৰ পুৰণি কবিতাতো কৃষ্ণ বলো- ৰামৰ গুণ-বৰ্ণনা পোৱা হয়। কৃষ্ণ-লীলাৰ মনোৰম বৰ্ণনা থকা “পেৰনথেৱলাৰ-ভৰথম” নামৰ তামিল কাব্য কাৰো কাৰো মতে খৃষ্টপূৰ্ব যুগৰ। ভেঁব হত মহাভাৰতৰ ভাঙনি কৰোঁতা কবি পেৰম্ দেৱনৰেও কৃষ্ণ বৰ্ণনা কৰা বুলি বুজিব পাৰি। সম্প্ৰতি পোৱা