পৃষ্ঠা:Yugnayak Sankardeva.djvu/৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৩
মহম্মদীয় ধৰ্মত পূৰ্ব সমন্বয়

বাবে নহয়, শুধৰণৰ বাবেহে; কোৰাণত বাৰে বাৰে এই কথা কৈছে। তদুপৰি পুণ্য কৰিব লাগে আৰু পাপ কৰিব নালাগে, এই জ্ঞান নিজৰ উপকাৰৰ বাবেহে যে তাকো দঢ়াই দঢ়াই কোৱা হৈছে। “পুণ্য কৰিলে নিজৰ বাবে ভাল, আৰু পাপ কৰিলে নিজৰ বাবেই বেয়া।” (১৭৷৭)। “পুণ্য কৰে নিজ আত্মাৰ মঙ্গল, পাপ কৰে নিজ আত্মাৰ অমঙ্গল।” (৪১৷৪৬)। “পুণ্য কৰা নিজৰ সপক্ষে, পাপ কৰা নিজৰ বিপক্ষে।” (৪৫৷২৫)। গতিকে প্ৰাৰ্থনা নিষ্কৰ্মাৰ কাম নহয়, বৰঞ্চ কৰ্তব্যৰ বাবে অনুপ্ৰেৰণা লাভ কৰাৰ ঘাই উপায়।

 মহম্মদীয় ধৰ্মত প্ৰাৰ্থনাৰ নিয়ম বৈশিষ্ট্যপূৰ্ণ, সন্দেহ নাই। আন আন ধৰ্মীৰ চকুত এই ধৰ্মৰ নৈষ্ঠিকতাও অতুলনীয়। ইমানৰ সত্বেও জড়বাদী মনোবৃত্তিৰ বিস্তাৰৰ বাবে প্ৰাৰ্থনাৰ গুণত সন্দেহ, প্ৰাৰ্থনাৰ নীতি-নিয়মৰ পৰিবৰ্তন আদি প্ৰশ্ন উঠিছে। প্ৰাৰ্থনাৰ সাৰ-বস্তু বিনয় বা অহঙ্কাৰৰ বিলোপ; উচ্চ আসনত বহি সেৱা কৰা হে নালাগে, নিয়মিত সেবা গ্ৰহণ কৰাও অনিয়ম বুলি ধৰা হয়। সৰল- চিতীয়া লোকৰ মনত কেতিয়াও উচ্চ আসনত বহি সেৱা জনোৱাৰ ভাব আহিব নোৱাৰে; সেইদৰে সাষ্টাঙ্গে অন্তত মাটিত কপাল পেলাই,প্ৰণাম জনোৱা আৰু সাধাৰণভাৱে মূৰ দোৱাৰ আধ্যাত্মিক মূল্য সম্পূৰ্ণ পৃথক। সাজ-পাৰ আৰু শৰীৰৰ শুদ্ধতাও উপাসনাৰ বাবে সামান্য আৱশ্যকীয় নহয়।

⸻⸻