সদ্ কাৰ্য্য কৰালোকসকলৰ চিৰ-আবাস বুলিছে; এতেকে ওপৰত কৈ অহা কথাৰ লগত মিলাই পঢ়িলে বুজিব পাৰি ইহ জন্মৰ আধ্যাত্মিক (যেনে, অন্তৰাত্মা) গুণবোৰে পৰজন্মত তাৰ উপযোগী ৰূপ (যেনে সুক্ষ্ম দেহ) ধাৰণ কৰে, আৰু ইন্দ্ৰিয়াতীত সুখৰ ঠাই (জন্নাত, ফি- দৌছ, স্বৰ্গ ) সেইসকলৰ ঠাই।
পুনঃ, কোৰণত সেই ‘ফিৰদৌছ’ৰ প্ৰসঙ্গত কৈছে, “ধৰমীসকলৰ বাবে ফুলনিৰ অনুৰূপ সেই ঠাই নিৰ্দিষ্ট আছে; তাৰ মাজে নৈ বৈ গৈছে; (সেই ফুলনিৰ) ফল আৰু ছাঁয়া চিৰস্থায়ী। (১৩৷৩৫)। এই উপমাৰ পৰাই প্ৰাকৃতিক ফুলনিৰ কথা ইয়াত কোৱা হোৱা নাই বুলি বুজিব পাৰি। পানীৰ পৰাই নৈ আৰু গুটিৰ পৰাই গছ হয় জন্মৰ সত্য বিশ্বাসৰ পৱিত্ৰ পানীয়েই প্ৰাচুৰ্য্য লভি পৰজন্মত নৈ ৰূপে বৈ যায়, আৰু ইহজম্মৰ সৎ-চিন্তাৰ অঙ্কুৰ বাঢ়িয়েই পৰজন্মত গছ হৈ সি শাশ্বত ছাঁয়া দান কৰে। আন আন ছুৰাত নানাভাৱে কৈছে; পাৰ্থিৱ নহয় দেখিয়েই স্বৰ্গ-সুখ কল্পনা কৰা কঠিন।
আকৌ কৈছে, “ধৰমীসকলৰ বাবে যি ফুলনি সজাই থোৱা আছে তাৰ নৈৰ পানীবোৰ সলনি নহয়।” (৪৭১৫)। “ধৰমীসকলৰ কামৰ পুৰস্কাৰ ৰূপে যি সঁচি ৰখা হৈছে কোনেও তাৰ অনুৰূপ কি কব নোৱাৰে; তাক দেখা হলে চকু জুৰ পৰিলহেতেন।” (৩২৷১৭)। “স্বৰ্গত যে আহাৰ যতাই থোৱা হৈছে, এই জন্মৰ আহাৰৰ লগত তাৰ নামৰ বাহিৰে কোনো সাদৃশ্য নাই।” বুলি আন ঠাইত কৈছে; বুখাৰিৰ হদিছতো ঈশ্বৰৰ বাণী বুলিছে—“মোৰ ধৰমী সেৱকসকলৰ বাবে যি যুগুত কৰি ৰাখিছোঁ তাক কোনো চকুৱে দেখানাই, কোনো কাণে শুনা নাই, আৰু কাৰৰ মনে তাক কেতিয়াও ঢুকি পোৱা নাই।” (৫৯৷৮)।
কোৰাণৰ স্বৰ্গৰ কল্পনা বুজিলে নৰকৰ কল্পনা বুজা কঠিন নহয়; পাপ বাসনাৰ যি জুই পাপীৰ অন্তৰত জ্বলি থাকে, পৰজন্মত সেয়ে নৰকৰ জুইত পৰিণত হয় (১০৪৷৬৭)। কিন্তু পাপীৰ শান্তি ধ্বংসৰ