আদেশ আদি ভাবত ব্যৱহাৰ কৰা হৈছে; আৰু ঈশ্বৰে দেৱ-দূতৰ হতুৱা প্ৰত্যেক মানুহৰ ভাল-বেয়া কাম লিখাই ৰাখিছে’ মানে ‘মানুহৰ অন্তৰাত্মাত কামৰ ফলাফলৰ সাঁচ ৰৈ গৈছে, এনে অৰ্থ কৰা যেন লাগে। “প্ৰত্যেক মানুহৰ কৰ্ম (ফল) তেওঁৰ ডিঙিত লাগি থকাৰ দিহা আমি কৰিছোঁ আৰু পুনৰুত্থানৰ দিনা তেওঁ সেইবোৰৰ বিৱৰণ তেওঁৰ বিষয়ে লিখা কিতাপত মেলি থোৱা পাব।” (১৭৷১৩)। ইয়াৰ পৰাও কৰ্মৰ ভাল-বেয়া ফল কৰ্মকৰ্তাৰ অন্তৰাত্মাত জড়িত থকাৰ কথা কোৱা বুলি বুজিব পাৰি। জীৱিত কালত এই অন্তৰাত্মাৰ স্বৰূপ বুলিবলৈ সৰ্বসাধাৰণ অসমৰ্থ হলেও, মৃত্যু অৰ্থাৎ এই দেহৰ পৰা বিচ্ছেদ হোৱাৰ লগে লগে সি জ্বলজ্বল পট পট হৈ দেখা দিব।
“তোমাৰ কিতাপখন পঢ়ি চোৱাঁ; এই পুনৰুত্থানৰ দিনৰ বাবে তোমাৰ নিজৰ আত্মাই যিবোৰ গণি-পঢ়ি থৈছে সেয়েই যথেষ্ট।” (১৭৷১৪)। গতিকে এই দেহৰ পৰা বিচ্ছিন্ন হলেই নিজ অন্তৰাত্মাই স্বতন্ত্ৰৰূপে নিজৰ সপক্ষে বা বিপক্ষে সাক্ষীৰূপে ঠিয় হব। তেনেকৈয়ে আকৌ, “পাপীৰ পুথি পোতাশালত” (৮৩৷৭); সেইবাবে সিহঁত “ঈশ্বৰৰ সাক্ষাতৰ পৰা আঁতৰত” (৮৩১৫)। কিন্তু “ধৰমীৰ পুথি উচ্চতম স্থানত” (৮৩৷১৮): এনেবোৰ উক্তিৰ পৰাও ওপৰত কোৱা মতেই সমৰ্থিত হয়।
বিশেষজ্ঞসকলৰ মতে “ফিৰদৌছ” (স্বৰ্গ) শব্দটো কোৰাণত (১৮৷১০৭) আৰু (২৩৷১১) এই দুই ছুৰাত আৰু মুঠতে এই দুবাৰেই আছে; আৰু পিছৰ বাৰত (২৩৷১১) “জয়” (বহুবচন জন্নৎ) শব্দৰ লগত আছে। এই পিছৰ শব্দটোৰ মৌলিক অৰ্থ “গোপন”, আৰু ভাবগত অৰ্থ “ফুলনি” (য’ত ফুলগছে মাটিখিনি গোপন কৰে) কোৰাণৰ কোনো কোনো ছুৰাত এই দুই সুকীয়া অৰ্থ সমন্বয় কৰি এনেভাৱে ব্যৱহাৰ কৰা হৈছে যে “ফিৰদৌছ’’ শব্দই গোপন অৰ্থাৎ ইন্দ্ৰিয়াতীত সুখৰ ঠাইহে যেন বুজাইছে; গতিকে এখন শাৰীৰিক সুখ-ভোগৰ ঠাই নহয়। আকৌ, “ফিৰদৌছ’’(স্বৰ্গ)সৎ চিন্তা আৰু