পৃষ্ঠা:Yugnayak Sankardeva.djvu/৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০
যুগনায়ক শঙ্কৰদেৱ

সুন্দৰ সৃষ্টি হব। এই তথ্য বিজ্ঞানসম্মত বুলিব পাৰি, আৰু মানৱ সমাজো যে তাৰ লগে লগে আৰু উচ্চস্তৰলৈ যাব তাক আশাকৰিব পাৰি। বুখাৰী হদিছত আছে (৫৯৷৮), “চকুৱে তেনে (নতুন জগতৰ) দৃশ্য দেখা নাই, কাণেও শুনা নাই; মানুহৰ অন্তৰতো তেনে ধাৰণা সোমাব পৰা নাই।”

 পৰজন্মত আত্মাই যি দেহ লভিব সি নিশ্চয় এই দেহৰ নিচিনা নহব; পৰমজন্মৰ যি সুখ বা দুখ নিজ কৰ্ম অনুসৰি ভোগ কৰিব লাগিব তাৰ আভাস মৃত্যুৰ লগে লগেই অনুভৱ কৰা হয়; আৰু পৃথিবীত পুতি বা পুৰি পেলোৱা এই দেহে নিশ্চয় সেইবোৰ ভোগ কৰিবলৈ নাপায়। “শেষ বিচাৰৰ দিনা তুমি কি আশয় মাতিবাঁ! তোমাৰ ওপৰত সম্মানিত পহৰীয়া আছে, তুমি কি কৰাঁ তেওঁলোকে অৱশ্যে জানে।” (৮২৷৯-১২)। আন ঠাইতে (১৩৷১১) কোৰাণে এই ‘পহৰীয়া দেৱতা’ৰ কথা কৈছে। মাধৱদেৱে লিখিছে--

“তুমি মোক ভাণ্ডা, মই তোক ভাণ্ডে এ,
চৌধয় সাক্ষীক ভাণ্ডিবাঁ কোন প্ৰকাৰে।” ঘোষা

 এইবোৰ পৰা এনে অনুমান হয়, স্বপ্ন নিদ্ৰা জাগৰণ তিনিও অৱস্থাৰ ভিতৰেদি নিজ নিজ চিন্তা, ইচ্ছা আৰু কৰ্ম অনুসাৰে মানুহৰ এই ভিতৰ-তৰপীয়া জীৱনটোৱে এটা গঢ় লয়; আৰু মাটিৰ মানুহ মাটিত মিলাৰ লগে লগে এই ভিতৰ-তৰপীয়া জীৱনটোৱেই কিবা সুক্ষ্ম দেহী ৰূপে নতুন জীৱনৰ ভেটি হয় আৰু নিজত অতীতক ৰক্ষা কৰে। বৌদ্ধ দৰ্শনত সম্ভৱ ইয়াকে “ন সঃ, নান্যঃ” বুলিছে। কোৰাণত আছে, “যিজন মৃত হৈছিল আৰু যাক আমি পুনৰুত্থান দান কৰিলোঁ তেওঁ সেইজনেই নে? (৬১২৩)। “বিশ্বাসী ( ভক্ত) সকলে সেই- দিনা দেখিব পোহৰে আগে-পিছে তেওঁলোকক আগবঢ়াই নিছে।” (৫৭৷১২)। সেইদৰেই,এই জন্মত যিবিলাকৰ অন্তৰত সদায় কামনাৰ যি জুই জ্বলি আছিল, সেয়ে সিজন্মত নৰকৰ জুই হয়গৈ (১০৪৷৬-৭)।

 কোৰাণত ’কিতাব’’ শব্দটো লিখাৰ বাহিৰেও ঈশ্বৰৰ জ্ঞান