পৃষ্ঠা:Yugnayak Sankardeva.djvu/৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯
মহম্মদীয় ধৰ্মত পূৰ্ব সমন্বয়

ঠাইত তাৰ ইঙ্গিত আছে—“আৰু যিয়েই এই জন্মত (আধ্যাত্মিক ৰূপে) কণা, পৰকালতো-সেইদৰেই কণা হব নিশ্চয়।” (পাপীৰ) এনেকুৱাই শান্তি, আৰু সিহঁতে জানিব লাগে পৰজন্মৰ শাস্তি ইয়াতোকৈ কঠোৰ (৬৮৷৩৩)।”

 “অল-ছা” ( প্ৰলয়), “অল-কুয়ামা” ( উন্থান) আদি শব্দ আৰু বৰ্ণনা কোৰাণত এনেদৰে ব্যৱহাৰ কৰা হৈছে যে ই পুনৰ্জন্ম (শাৰীৰিক) বা পুনৰ্জীৱন ( আধ্যাত্মিক ) দুইটা অৰ্থ বুজাব পাৰে। “জীৱিত আৰু মৃত একে ধৰণৰ নহয়। ঈশ্বৰে যাকে দয়া কৰে তেৱেঁ শুনিবলৈ পাব নিশ্চয়; আৰু মাটিত পোত গৈ থকাবোৰক তুমি শুনাব খুজিলেও শুনাব নোৱাৰা।” ( ৩৫৷২২-২৩)। ইয়াৰ উল্লেখ-প্ৰসঙ্গ অৱশ্যে আধ্যাত্মিক, ভৌতিক নহয়। এই আধ্যাত্মিক উন্নয়ন মানুহৰ ইহ জন্মৰ অনুভৱ আৰু অভিমতৰ ভিতৰলৈ আনি দেখুৱাবলৈ কোৰাণে প্ৰয়াস পাইছে; কিয়নো সেয়ে নহলে মানুহৰ জীৱনৰ লক্ষ্য ভেদ নহয়। “কি? আমি তোমাক এনেয়ে পুনৰ আমাৰ কাষলৈ ঘূৰি নাহিবলৈ আৰু বিনা উদ্দেশ্যে সৃষ্টি কৰিলোঁ বুলি ভাবিছানে?” (২৩৷১১৫)। “মানুহে ভাবে নে কি মানুহক বিনা উদ্দেশ্যে অনাই-বনাই ফুৰিবলৈকে এৰি দিয়া হব?” (৭৫৷৩৬)। পৰমাণু এটাৰ সমান সমান বেয়া কাম কৰিলেও তাৰ কুফল ভোগিব।” (৯৯৷৭-৮)। গতিকে পুনৰুত্থান এই জনমতেই হব পাৰে, আৰু তাৰ দ্বাৰা মানুহে ইতৰ জীৱনৰ পৰা উচ্চ স্তৰৰ আধ্যাত্মিক জীৱন লাভ কৰিব পাৰে। মানৱী শক্তি উদ্দীপনা যোগোৱাও কোৰাণৰ লক্ষ্য।

 কিন্তু শাৰীৰিক প্ৰলয় আৰু মৃত্যুৰ পাছত জীৱনো যে আছে তাক কোৰাণৰ পৰাই বুজিব পাৰি। “সিদিনা পৃথিবীখন এখন বেলেগ পৃথিবী হব, আৰু তেনেকৈয়ে স্বৰ্গও।” (১৪৷৪৮)। ইয়াৰ একমাত্ৰ উদাহৰণ দিব পাৰি, নীহাৰিকাৰ পৰা যেনেকৈ এই সুন্দৰ জগতৰ সৃষ্টি হল, সেইদৰে এই সুন্দৰ জগত ধবংস হৈও ইয়াতকৈ