পৃষ্ঠা:Yugnayak Sankardeva.djvu/৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৪
যুগনায়ক শঙ্কৰদেৱ


তেওঁৰ ধৰ্ম-কৰ্ম সম্পৰ্কে যি লিপিবদ্ধ কৰি গৈছে, সেয়ে বাইবোলৰ নিউটেষ্টামেন্ট বা নৱবিধান। কোৱা বাহুল্য, এই চাৰিও বিৱৰণৰ মূলতঃ কোনো ভেদ নাই, চাৰিও চাৰিক প্ৰমাণ কৰে। যীশুৰ লগত ভাৰতৰ পূৰ্ব-সম্পৰ্ক সম্বন্ধে নানা কিম্বদন্তী আছে। কিছুমানৰ মতে যীশুৱে তেওঁৰ ধৰ্মপ্ৰচাৰৰ আগতে নিৰুদ্দেশ হৈ কিছুদিন ভাৰতত থাকি বৌদ্ধধৰ্মৰ অনুপ্ৰেৰণা লৈ গৈছিল; কিছুমানৰ মতে আকৌ ক্ৰুছত যীশুৰ মৃত্যু হোৱা নাছিল, তাৰ পৰা নমাই অনাৰ পাছত তেওঁক জীৱিত পোৱা কথাৰ প্ৰমাণ উক্ত গম্পেল কেখনৰ পৰাই দেখুৱাই, ভাৰতবৰ্ষলৈ আহি কাশ্মীৰত তেওঁৰ মৃত্যু হোৱা কথা প্ৰতিপন্ন কৰিবৰ প্ৰয়াস পায়। কিম্বদন্তী যেনেকৈ আটাইবোৰ গ্ৰহণ কৰিব নোৱাৰি, তেনেকৈ বিনা-বিচাৰে ইয়াক গ্ৰহণ কৰা টান। ৰজনী- কুমাৰ পদ্মপতিয়ে ‘কৃষ্ণৰূপে খৃষ্ট’ বুলি ইংৰাজীত এখন কিতাপ লিখি কৃষ্ণ-কৃষ্ট-খৃষ্ট, কাণু—ছিদ কেনু (অঃ টেঃ); গোপাল-ভেৰাপাল, যদুবংশ—যুদা বংশ, দেৱকী-মেৰী, বাসুদেৱ—যোছেফ, কংস- হেৰড, গৰ্গ-গেব্ৰিয়েল, মথুৰা-বেথেলাহম্, গকুল-গেলিলী, নজৰেথ; যমুনা-যৰ্দন, আদি কিছুমান ধ্বনি আৰু ঘটনাৰ মিলৰ পৰা, মহাভাৰত আৰু পুৰাণৰ কথাবোৰ যীশু-কাহিনীৰ পৰা ধাৰ কৰা বুলিব খুজিছিল। কিন্তু সম্প্ৰতি খৃষ্টজন্মৰ অন্ততঃ সাত-আঠশ বছৰৰ আগৰ পৰা উপনিষদ আদি বেদান্তৰ উপৰি বৌদ্ধ, জৈন আদি নানা সাহিত্য আৰু ভাৰত জুৰি থকা লিপিমূলক প্ৰমাণৰ পৰা কৃষ্ণ চৰিত্ৰ ঐতিহাসিক ভেটিত ভালদৰে স্থাপিত হৈছে; গতিকে এতিয়া তেনে আশঙ্কাৰ ঠাই নাই।

 তথাপি একশৰণ ধৰ্মৰূপে কৃষ্ণ আৰু খৃষ্টৰ মতৰ যে মিল থাকিব, তাত বিচিত্ৰ একো নাই। উদাহৰণ ৰূপে, জনৰ গম্পেলৰ আৰম্ভণি : ‘আদিতে আছিল শব্দ (নাম), শব্দ আছিল ঈশ্বৰৰ (ব্ৰহ্মৰ) লগত; আৰু নামেই ঈশ্বৰ (শব্দই ব্ৰহ্ম)। (১।১)। “যেই নাম সেই হৰি জানা নিষ্ঠ কৰি” আদি তুলনীয়। সেইদৰে মেথুৰ গম্পেলত আছেঃ