পৃষ্ঠা:Yugnayak Sankardeva.djvu/৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬২
যুগনায়ক শঙ্কৰদেৱ


আত্মাৰ সুবিচাৰ, আৰু পৰম্পৰৰ সুখ-সুবিধাৰ সুদিহাৰ ওপৰত নিৰ্ভৰ- শীল। সৎ ৰূপৰ প্ৰতি লক্ষ্য নাৰাখিলে যেনেকৈ কোনো কাৰ্য্যৰ অৰ্থ নাথাকে, তেনেকৈয়ে সৎ ৰূপৰ জ্ঞান নজন্মিলে সকলো জ্ঞানেই অসাৰ্থক হয়; (আৰু, আকৌ এই সংসাৰ কিছুমান আকাৰ-নোহোৱা দৃশ্য আৰু অৰ্থ-নেহোৱা শব্দেৰে পৰিপূৰ্ণ ভূতৰ ৰাজ্যত পৰিণত হয়)! সৎ ৰূপৰ বিচাৰত যেনেকৈ আমি পৰিদৃশ্যমান জগতৰ সীমা অতিক্ৰম কৰিবই লাগিল, সৎ বস্তুৰ বিচাৰতো আমি তেনেকৈয়ে নিজ সৎ ৰূপৰ সীমাৰ সিপাৰলৈ যাব লাগিব। ছক্ৰেটিছে কবৰ দৰে, বেলিৰ লগত পৰি- দৃশ্যমান জগত আৰু চকুৰ যি সম্বন্ধ, সৎ বস্তুৰ ৰূপৰ লগতো বোধ- গম্য জগত আৰু মনৰ সেই সম্বন্ধ : অৰ্থাৎ পোহৰ দিবলৈ বেলি আৰু চাবলৈ চকু আছে বাবেই এই পৰিদৃশ্যমান জগতখন দেখোঁহঁক; তেনেকৈয়ে অধ্যাত্ম-জ্ঞান দিবলৈ সৎ বস্তুৰ ৰূপ আৰু তাক উপলব্ধি কৰিবলৈ চিত্ত আছে বুলিয়েই সেই অধ্যাত্ম জগত আমি নিজ অন্ত চকুৰে দেখিবলৈ পাওঁহঁক। বেলিয়ে এই পৰিদৃশ্যমান জগতখন চাবলৈ সহায় কৰে; ইমানেই নহয়, বেলি নিজে চাব-লগা এক অফুৰন্ত পোহৰৰ উহ; তেনেকৈয়ে স বস্তুৰ ৰূপৰ পৰা আমি জানিবলগা কথাবোৰ জানিবলৈ পাওঁ: ইমানেই নহয়, সেই স বস্তুৰ ৰূপ স্বয়ং পৰম আৰু চৰম জ্ঞানৰ বিষয়।—

“অসতো মাং সদগময়।
তমসো মাং জ্যোতিৰ্গময়।
মৃত্যো মাং অমৃতং গময়।”

ছক্ৰেটিছ-প্লেটোইও ঠিক এই উপমাকে দিছে। বহুত মানুহেই আন্ধাৰ পাতালত বাস কৰে গোটই জীৱন; ছাঁৰ বাহিৰে সিহঁতে একো দেখিবলৈ নাপায়, প্ৰতিধ্বনিৰ বাহিৰে একো শুনিবলৈ নাপায়। সংৰূপৰ জ্ঞানেহে সিহঁতক সেই আন্ধাৰৰ পৰা পোহৰলৈ আনিব পাৰে। (ৰাষ্ট, ৬ষ্ঠ পুথি)।

 ছক্ৰেটিছৰ শিষ প্লেটো; প্লেটোৰ শিষ্য এৰিষ্টটল; আলেক্জাণ্ডাৰ