পৃষ্ঠা:Yugnayak Sankardeva.djvu/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
যুগনায়ক শঙ্কৰদেৱ

মানুহৰ দিনেকীয়া জীৱনত নীতিজ্ঞানৰ প্ৰয়োগ দাবী কৰিছিল; আৰু এই বিষয়ত বুদ্ধদেৱৰ ধৰ্ম-মতৰ লগত তেওঁৰ যথেষ্ট সাদৃশ্য।

 পূৰ্ববৰ্তী দাৰ্শনিকবিলাকে কৈছিল, পঞ্চভূত আদি-মূল আৰু তাৰ পৰাই আত্মাৰ উদ্ভৱ; ছক্ৰেটিছে এইবোৰ ‘নিৰ্বোধ মতৰ নাদ’ বুলি এফলীয়াকৈ থৈ কলে, ‘আত্মাইহে আদি মূল আৰু আত্মা (তথা, মন) পঞ্চভূতৰ নিয়ন্তা; গতিকে আধ্যাত্মিক জগতহে প্ৰকৃত, ভৌতিক (মনৰ অধীন হেতু) অপ্ৰকৃত। সমাজৰ অস্তিত্বই সেই প্ৰকৃত (সৎ) জগতৰ অস্তিত্ব প্ৰমাণ কৰে আৰু সমাজৰ ভিতৰেদিহে সুবিচাৰৰ অৰ্থ বুজিব পাৰি। সেইদৰে আকৌ সমাজক স্বৰূপভাৱে বুজিবলৈ হলে যি সৎ বস্তুৰ ওপৰত সমাজ প্ৰতিষ্ঠিত সেই সৎ বস্তুৰ স্বৰূপ বুজিব লাগিব। ’তদুপৰি ইহ জন্মৰ স্বভাৱ আৰু আচৰণৰ লগত পৰজন্মৰ কথাও ঘনিষ্ঠভাৱে জড়িত।’ (ৰাষ্ট্ৰ, ১ম পুথি)।

 ছক্ৰেটিছৰ মতে, সুবিচাৰ বুজিবলৈ হলে অকল মানুহৰ পৰস্পৰ সম্পৰ্ক বুজিলেই নহব, সেই পৰস্পৰ সম্পৰ্কৰ লগত বিশ্বৰ ঐক্যৰ বিধিও বুজিব লাগিব। তাৰ বাবে বিজ্ঞানৰ সহায় নহলে নহয়, কিয়নো ই ব্যৱহাৰিক অভিজ্ঞতাৰ অতীত কথা; দাৰ্শনিকসকলেহে মানৱ-স্বভাৱৰ লগত বিশ্বৰ ঐক্যৰ বিধি সৰ্বসাধাৰণৰ বোধগম্য কৰিব পাৰে। সাধাৰণতে যিহক ‘গুণ’ বোলা হয় ছক্ৰেটিছ-প্লেটোই তাক বুলিছে ‘ৰূপ’; কিয়নো ‘দেখা’ৰ লগত তাৰ সম্পৰ্ক আছে। এই দেখা ভৌতিক, বা উচ্চ স্তৰত মানসিক। ‘ৰূপ’ আৰু ‘স্বৰূপ’ একে কথা নহয়; সৰূপ ৰূপতকৈ সাধাৰণ।

 ‘ঘোৰা’ বুলিলে যিটো ৰূপ আমাৰ মনলৈ আহে, সি ইটো ঘোৰা বা সিটো ঘোৰাৰ স্বৰূপতকৈ শাশ্বত আৰু সৎ, যদিও এই ‘ঘোৰাত্ব’ আমি কোনো ইন্দ্ৰিয়েৰে ধৰিব নোৱাৰোঁ আৰু এই বাবেই তাক অস্বীকাৰো কৰিব নোৱাৰোঁ। সৰহ কি, এই ‘ঘোৰাত্ব’ৰ ৰূপৰ অবিহনে যেনেকৈ ইটো সিটো ঘোৰাৰ স্বৰূপ বুজাও অসম্ভৱ বুলিব পাৰি, তেনেকৈয়ে কোনো ৰস, শব্দ, স্পৰ্শ, ঘ্ৰাণৰ “ৰূপ” নহলে উপলব্ধি -