ধৰ্মতো সেই ভয়-কৰুণা-আৰু আশা-পালনৰ ছাঁ দুনাই পৰিল, তথাপি সভ্যতাৰ ইতিহাসত ই প্ৰথম আৰু প্ৰধান খুটি।
লাওৎ-ছেৰ বাণী বুদ্ধৰ দৰেই : ঈশ্বৰ আছে বা নাই, সম্প্ৰতি তাৰ বাবে মূৰ নঘমাই, মানুহে সদ চিন্তা আৰু সদ কাৰ্য্য কৰি যাব লাগে। কন-ফু-ছিয়াছৰ মতে, যিহেতুকে মানুহে হাবিত পশু-পখীৰ মাজত থাকি কোনো মহৎ কাৰ্য্য সাধিব নোৱাৰে, দুখপূৰ্ণ মানুহ- সমাজত থাকি মানুহৰ দুখ-অশান্তি দূৰ কৰাই মানুহৰ ঘাই কৰ্ত্তব্য। সেইদেখি বুদ্ধদেৱৰ পঞ্চশীল অষ্টশীল আদিৰ দৰেই মানুহৰ ব্যৱহাৰিক জীৱনৰ পৰা আৰম্ভ কৰি পৱিত্ৰ আধ্যাত্মিক জীৱন-যাপনলৈকে আৱশ্যকীয় সকলো নিয়ম-সংযমৰ বিধান কন-ফু-ছিয়াছে নিৰ্দ্ধাৰিত কৰি গৈছে। চীন দেশৰ “তিনি শিক্ষা” (সদ্ চিন্তা, সদ্ বচন, সদ্ কাৰ্য্য) বুদ্ধদেৱ, মহাবীৰ প্ৰভৃতি প্ৰায় সদৌ জগতৰ ধৰ্মগুৰুৰ শিক্ষাৰ স্বৰূপ।
ছক্ৰেটিছ্ শিক্ষক, ধৰ্মপ্ৰচাৰক নহয়; কিন্তু তেওঁৰ শিক্ষাই ধৰ্মৰ মূল ভেটি বান্ধিছিল যে সন্দেহ নাই। খৃষ্টপূৰ্ব সেই পঞ্চম শতিকা বা তাৰ পূৰ্বেও গ্ৰীছত, তথা য়ুৰপত, মানুহৰ মন কেনে অজ্ঞান আন্ধাৰে ঢাকি থৈছিল, তাক ছক্ৰেটিছৰ ঘাই শিষ্য প্লেটোৰ অমৰ ‘ৰাষ্ট্ৰ’ গ্ৰন্থৰ পৰাই বহুতখিনি বুজিব পাৰি। এথেন্সত এক দীপাৱলী উৎসৱৰ সন্ধ্যা মানুহ এঘৰত বহি কথা-প্ৰসঙ্গত ‘সুবিচাৰ কি’ এই কথা ওলাল। এজনে কলে, ‘কুটুমৰ হিত আৰু শতুৰৰ অহিত সাধনেই সুবিচাৰ।’ অতি আধুনিক জ্ঞানৰ গৰাকি বোলোৱা ছফিষ্ট, (তাৰ্কিক)-জনে কলে, বলৱন্তৰ সুবিধাই সুবিচাৰ। বলৱন্ত কেজনমানৰ নিজ সুবিধাৰ বাবেই বিধান। বিধানে যিটো কৰিবলৈ কয় সেয়ে ন্যায়, যিটো নকয় সেয়ে অন্যায়।
‘নিজ সুবিধাৰ বিষয়তো বিধানকৰ্তাই ভুল কৰিব পাৰে’ বুলি ছক্ৰেটিছে কোৱাত তাৰ্কিকে কয়ঃ বেজে যেনেকৈ বেজালি বিষয়ত ভুল নকৰে, শাসকেও তেনেকৈ শাসন সম্বন্ধত ভুল নকৰে; যদি কোনোবাই