পৃষ্ঠা:Yugnayak Sankardeva.djvu/৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সাত

কন্-ফু-ছিয়াছ, ছক্ৰেটিছ আৰু যীশুখৃষ্ট

খৃষ্টপূৰ্ব ষষ্ঠৰ পৰা চতুৰ্থ লৈ, এই তিনিশ বছৰ জগতৰ স্বাধীন-চিন্তাৰ বুৰঞ্জীত এক অভিনৱ যুগ যে সন্দেহ নাই; আছিয়া আৰু য়ুৰপৰ ভিতৰত এই যুগে অন্ততঃ ছজন যুগপ্ৰৱৰ্তকৰ জন্ম দিছিল :

চীনত লাওৎ-ছে খৃঃ পূঃ ৫৯০?-৫১০;
’’ চিউ কনফু-ছিয়াছ ’’ ৫৫১?-৪৭৮;
ভাৰতত বুদ্ধদেব ’’ ৫৫৭-৪৭৭;
গ্ৰীছত ছক্ৰেটিছ  ’’ ৪৭১?-৩৯৯;
’’ প্লেটো ’’ ৪২৭-৩৪৭;
’’ এৰিষ্টটোল ’’ ৩৮৪-৩২২।

এই চুটি যুগটোৰ ছজন প্ৰধান মনীষীৰ চৰিত্ৰ বিশ্লেষণ কৰিলে যিটো গৰিষ্ঠ-সাধাৰণ-গুণনীয়ক পোৱা হয়, সি হৈছে সূক্ষ্ম-বিশ্লেষণশীলতা। উদাহৰণৰূপে অকল ভাৰতৰ বুদ্ধদেৱ আৰু গ্ৰীছৰ ছক্ৰেটিছক লৈ ফহিয়াই চালেই যথেষ্ট হব।

 বৈদিক ধৰ্মৰ বহু-ঈশ্বৰৰ বেমেজালি গুচাই ইৰাণত জৰথুস্ত্ৰই আৰু ভাৰতত বাসুদেৱে এক-ঈশ্বৰৰ শৃঙ্খলিত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিলে; তাৰ ফলত ঈশ্বৰক ভয়ত ভজন আৰু আশাত ভজন কৰা দোষ বহুত পাতলিল; পাছে একেবাৰে তাৰ জইন নমৰিল। কিন্তু এই যুগত চীনৰ ক-ফু-ছিয়াছ আৰু ভাৰতৰ বুদ্ধদেৱে সেই ভয় আৰু আশাৰ উহ ৰূপে ঈশ্বৰৰ যি কল্পনা তাক নিৰ্মূল কৰি, কেৱল সদ্ বাবেই সদ্ চিন্তা আৰু সদ্ কাৰ্য্য কৰিব লাগে, এই শিক্ষা জয়ে জয়ে জগতত প্ৰচাৰ কৰিলে। যদিও পাছত খৃষ্টান আদি একেশ্বৰবাদী