সাময়িক আৰু স্বাভাৱিক অৱস্থাকে নিদ্ৰা বোলা হয়; ৰাজৰ্ষি অজাত- শক্ৰয়ে কয়, ‘অন্তঃকৰণৰ হিতা (সিৰাবোৰ) শৰীৰত চাৰিওফালে বিয়পি পৰে। চুলিডাল সহস্ৰ ভাগ কৰি ফালিলে যিমান সৰু হব পাৰে, তেনে সৰু এই সিৰাবোৰ বগা ক’লা হালধীয়া ৰঙা বিবিধ বৰণৰ পাতল জলীয় পদাৰ্থৰ ওপৰত থাকে; স্বপ্ন নেদেখা নিদ্ৰিত অৱস্থাত পুৰুষ (অন্তৰাত্মা) তাৰ ওপৰতে থিত লয়, আৰু অকল প্ৰাণৰ সৈতে এক হৈ পৰে। তেতিয়া সকলো নাম লৈ বাক্, সকলে। ৰূপ লৈ চকু, সকলো শব্দ লৈ কাণ, আৰু সকলো চিন্তা লৈ মন, তেওঁৰ কাষত ঠিয় হয়। তাৰ পাছত তেওঁৰ জাগৰণ হলে বাক্ আদি সকলো নিজ নিজ থানলৈ আৰু কামলৈ যায়, জুইৰ পৰা ফিৰিঙতি ওফৰাদি।' (কৌষীতকি উপনিষদ, ৪।২০)।
যাজ্ঞবল্ক্যই কয়, 'গভীৰ নিদ্ৰাত পুৰুষে (অন্তৰাত্মাই) সদৌ জ্ঞানেন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয়ৰ পৰা নিজক আঁতৰাই নিজ বাসা অন্তঃকৰণত জিৰণি লয়, আৰু সেই অৱস্থাত তেজোৰূপ প্ৰাণ সম্পূৰ্ণ মিলিত হয় প্ৰজ্ঞাৰ লগত।' (বৃহদাৰণ্যক, ৪।৪।২২)। জ্ঞাত-জ্ঞেয় দ্বৈত সম্পৰ্ক এইদৰে ৰহিত হোৱাত তেতিয়া পুৰুষ সম্পূৰ্ণ (জীৱাত্মা- পৰমাত্মা) এক হৈ পৰে, আৰু এক হৈ পৰি তেওঁৰ দৰ্শন, ঘ্ৰাণ আদি নোহোৱা হয়। (বৃহদাৰণ্যক, ৪।৩ ২২-৩৪, ৪।৪।২)। সজ্ঞানে এই শান্তিপূৰ্ণ অৱস্থা লাভ কৰাৰ যত্নই যোগ শাস্ত্ৰৰ লক্ষ্য। বুদ্ধদেৱৰ বেদুল্ল সুত্তৰ (মঝিমা ১) বাচ-সঙ্খাৰ, কায়া- সঙ্খাৰ, আৰু চিত্ত-সঙ্খাৰ, এনে পুৰণি ভাব-ধাৰাৰ ওপৰত প্ৰতিষ্ঠিত; ইয়াত বাক্, কায়া, আৰু চিত্ত- বৃত্তি সমূহৰ নিৰোধ আৰু পুনৰ্জীৱিত কৰাৰ নানান চেষ্টা কৰা হয়।
নৈষ্ঠিক বেদান্ত মতৰ লগত বুদ্ধদেৱৰ মতান্তৰ হ’ল অনাত্মাবাদ। অমৰত্বৰ সত্তা অনন্ত অপৰিবৰ্ত্তনীয় কিবা বস্তু (আত্মা ভাব) আমাৰ বা বিশ্বৰ ভিতৰত আছে বুলি বুদ্ধদেৱে স্বীকাৰ নকৰে; যদি কোৱা হয় ‘সৰ্বনিত্যম্ যেতিয়া তেওঁ স্বীকাৰ কৰে, নিত্য নহলে অনিত্যৰ বোধ ক'ৰ পৰা হ'ব, গতিকে নিত্য বস্তু এটা নিশ্চয় আছে: তেওঁলোকে