পৃষ্ঠা:Yugnayak Sankardeva.djvu/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
বৈদান্তিক ধৰ্মৰ প্ৰতিবাদী বৌদ্ধ ধৰ্ম

মানে, আৰু তাকে সৃষ্টিৰ মূল কাৰণ বোলে; গতিকে সমালোচক- সকলৰ মতে সহজ জ্ঞানেৰে পনীয়া কৰা প্লেটোই এৰিষ্টটল! মাধৱদেৱেও “ঘোষাত” বাৰম্বাৰ সাংখ্য দৰ্শন প্ৰকৃতি-পুৰুষৰ মত খণ্ডন কৰি কৈছে প্ৰকৃতি-পুৰুষৰ ওপৰত বিশ্ব-নিয়ন্তাৰূপে পৰমাত্মা পৰমেশ্বৰ বিৰাজ কৰিছে।

 “যদ্ধি ভূতমাত্ৰা ন স্যুৰ্ ন প্ৰজ্ঞামাত্ৰাঃ স্যুৰ্ যদ্ বা প্ৰজ্ঞামাত্ৰা ন স্যুৰ্ ন ভূতমাত্ৰাঃ স্যুঃ। ন হন্যতৰতো ৰূপং কিঞ্চন সিদ্ধেৎ।” (কৌষীতকি, ৩৷৮)। ভূত (পদাৰ্থ) নাথাকিলে প্ৰজ্ঞা (জানোতা, দেখোঁ‌তা) নাথাকে। প্ৰজ্ঞা নাথাকিলে ভূত নাথাকে; ইটো নহলে সিটোৰ অৰ্থ নাই! এই উপনিষদতে (৩।৭) আকৌ কৈছে, 'প্ৰজ্ঞা (কোনো ইন্দ্ৰিয়ৰ কামত মনৰ সহযোগ) অবিহনে কোনো ইন্দ্ৰিয়ই অকলে কোনো ভূত (পদাৰ্থ) থকা গম পাব নোৱাৰে; প্ৰাণসমূহ একত মিলিত নহলে শব্দেৰে নাম বুজোৱা, কাণেৰে শব্দ শুনা, চকুৰে ৰূপ দেখা, মনেৰে চিন্তা কৰা সম্ভৱ নহলহেতেন। একত মিলিত হৈ প্ৰাণসমূহে এই সদৌ একেলগে এটা-এটাকৈ গম ধৰি যায়; কিন্তু তাৰ ভিতৰত একৰ প্ৰাধান্য আছে: এতেকে কোনেও যেন বচন কি, তাক জানিবলৈ যত্ন নকৰি, বক্তা কোন, তাক জানিবলৈ যত্ন কৰে; কোনেও যেন ঘ্ৰাণ কি, তাক জানিবলৈ যত্ন নকৰি, কাৰ ঘ্ৰাণ, তাকহে জানিবলৈ যত্ন কৰে।’ (কৌষী, ৩।৮)।

 মূল বেদান্তৰ এই উন্নত স্তৰৰ ওপৰতে বুদ্ধদেৱে তেওঁৰ মনো- বিজ্ঞানমূলক অনুভৱৰ তত্ত্ব গঠন কৰিছে: “চক্ষুস্মিন্ সতি, ৰূপে সতি, চক্ষু-বিন্যাসে সতি, তিসস সঙ্গতি পণ্ণো;” (চকু আছে, ৰূপ আছে, দৃষ্টি আছে, তেন্তে তিনিওৰে সঙ্গতি লক্ষ্য কৰাঁ‌)। এই তত্ত্বৰ ওপৰতে প্ৰতি মানসিক কাৰ্য যে একে বাৰতে হয় এই তত্ত্বও বৌদ্ধ দৰ্শনে গঢ় দিছে। তদুপৰি বৌদ্ধ যোগাভ্যাসৰ ভেটি উপনিষদৰ জাগৰণ-নিদ্ৰা-স্বপ্ন, আৰু নিদ্ৰাৰ আকৌ সুষুপ্তি, তুৰীয়, তুৰীয়াতীত, অৱধূত, আদি বিভাগৰ ওপৰত পতা হৈছে। আত্মাৰ স্বপ্নবিহীন