উল্লেখ কৰি তেওঁলোকে ব্ৰহ্মলাভৰ বিভিন্ন পথ অনুসৰণ কৰা বুলিছে। মুঠতে মূলতত্ত্ব আলোচনা বেদান্তত আৰম্ভ; বেদান্তৰ দৰেই বুদ্ধদেৱে সৃষ্টিতত্ত্ব, জীৱজগত আৰু তাৰ ভিতৰত মানুহৰ প্ৰাধান্য, জন্ম-মৃত্যু, কৰ্মফল, বিদ্যা-অবিদ্যা, মুক্তি-নিৰ্বাণ আদিৰ তত্ত্ব বিচাৰ কৰিছে। প্ৰভেদৰ ভিতৰত ইমানেই, বুদ্ধদেৱে বেদান্তৰ ঋষিসকলৰ লগত কোনো কোনো মতত হৰিভৰ নিদি স্বাধীন মত প্ৰকাশ কৰিছে আৰু তেওঁৰ স্বতন্ত্ৰ বিচাৰ মতে স্বতন্ত্ৰ বিধান দিছে।
বুদ্ধদেৱৰ কৰ্মফল-তত্ত্ব বাজসনেয় দৰ্শনালয় প্ৰতিষ্ঠাতা যাজ্ঞবল্ক্যৰ বিচাৰৰ ওপৰত প্ৰতিষ্ঠিত; বুদ্ধদেৱৰ পৰম সন্ধান কথোপকথন সেই দৰে বৃহদাৰণ্যত এক যাজ্ঞবল্ক্যৰ উক্তিৰ নৱ-উক্তি বুলিব পাৰি। বৌদ্ধ ব্ৰহ্মজাল-সুত্তত ঘাইকৈ উপনিষদৰ পুৰণি মতবাদবোৰ জুকিয়াই সেইবোৰৰ নতুন ব্যাখ্যা আৰু শ্ৰেণীবিভাগ কৰা হৈছে; বুদ্ধদেৱৰ “হঠ-যোগ” উপনিষদৰ পৰমহংস পৰিব্ৰাজক, যোগশিক্ষা, আদিৰ ওপৰত; বুদ্ধদেৱৰ “নাম-ৰূপ” আৰু “পঞ্চ সমষ্টি” উপনিষদৰ “নাম- ৰূপ” আৰু “পঞ্চকোষ”; উপনিষদৰ চিত্ত আৰু আত্মাৰ সম্পৰ্কে প্ৰয়োগ কৰা দুৰঙ্গম, একচৰ, অশৰীৰ, গুহাশয় আদিও বৌদ্ধ ধৰ্মত আছে; বুদ্ধদেৱেৰ “ছয় বাট”ৰ জৈৱিক কাৰ্য উপনিষদৰ “পঞ্চপ্ৰাণ” তত্ত্বৰে একে।
কিন্তু এই মিলখিনি মিলতকৈ অমিলহে প্ৰমাণ; কিয়নো তাৰ ওপৰতে বুদ্ধদেৱে নিজ স্বাধীন আৰু স্বতন্ত্ৰ মতবাদ গঠন কৰিছে। “মূল-পৰিষায় সুত”ত মূল বেদান্তৰ পৰা আৰু “মূল পৰিষায় জাতক’’ত মূল ব্ৰাহ্মণ্য মতৰ পৰা বৌদ্ধ ধৰ্মই ফালৰিকটাৰ প্ৰথম নিদৰ্শন পোৱা হয়; উক্ত “সুত্ত’’ৰ মূল যেনেকৈ বৃহৎ আৰণ্যক উপনিষদ, উক্ত “জাতক’’ৰ মূল তেনেকৈ মহাভাৰত। উদাহৰণ ৰূপে, মহাভাৰতত কৈছে—
“কালঃ পচতি ভূতানি কালঃ সংহৰতে প্ৰজাঃ।
কালঃ সুপ্তেযু জাগৰ্তি কালো হি দুৰতিক্ৰম॥” (১৫৷২৩৮৷২৫)
এই জন-ধাৰণাৰ বিৰুদ্ধে “মহা পৰিষায় জাতক’’ত কৈছে—