“যদীয়ং জগতঃ কৰ্তা যথৈনম্ মূৰ্খা মন্যসে।
কষ্মান্ন ব্ৰাহ্মণং সম্যগাত্মানমৱগচ্ছতি॥”
(সভা পৰ্ব, ২৷৪২৷৬)
ভাব, ভাষা আদিত বুদ্ধদেৱৰ পালি কথোপকথন কিছুমান উপনিষদৰ হুবহু পুনৰাবৃত্তি যেন লাগে; পাছে স্বৰূপতে বুদ্ধদেৱে বৈদান্তিক মতৰ ওপৰত নিজ স্বাধীন মত প্ৰতিপন্ন কৰিবৰ বাবেই যে সেইবোৰ ব্যৱহাৰ কৰিছে বৌদ্ধ দৰ্শনে তাৰেই প্ৰমাণ দিয়ে। নিৰপেক্ষ বৌদ্ধদৰ্শন অধ্যয়নৰ পৰা বুজিব পাৰি, পণ্ডিৎ ৰাধাকৃষ্ণণে কবৰ দৰে, ই কেৱল বৈদান্তিক দৰ্শনৰ গণতান্ত্ৰীকৰণ নহয়; নৈষ্ঠিক বেদান্ত মতৰ বীণাত বুদ্ধদেৱে ভাৰতবৰ্ষ তথা বিশ্বৰ বাবে এটি নতুন সুৰ বজাইছে; বিশ্ব-মানৱৰ ব্যক্তিগত, পাৰিবাৰিক, সামাজিক আৰু জাতীয় জীৱন স্বাধীনভাৱে নতুন দৃষ্টিভঙ্গীৰে চাবলৈ, আৰু ন্যায় আৰু নীতিৰ ওখ ভেটি তুলি তাত নিজক প্ৰতিষ্ঠা কৰিবলৈ এটি নতুন দিশৰ নিৰ্দেশ দিছে।
শ্ৰদ্ধাশীল চৰ্চা আৰু অধ্যয়নৰ বাবে উপনিষদ শিক্ষাত যে এটা আঁৰ-বেৰ বা আবুৰ আছিল, কালক্ৰমত সেয়ে ইয়াক ‘গোপনীয় ধৰ্মমত ৰূপ দিয়া হল; কৌটিল্যৰ অৰ্থশাস্ত্ৰ, বাৎস্যায়নৰ কামসূত্ৰ আদি বিখ্যাত সংস্কৃত গ্ৰন্থতো উপনিষৎ শব্দটো তেনেভাৱেই ব্যৱহৃত হল। কিন্তু মূলত যে সেই অৰ্থ নিশ্চয় আছিল তৈত্তিৰীয় উপনিষদৰ নিচিনা প্ৰামাণ্য গ্ৰন্থৰ এনেবোৰ পাঠৰ পৰাই সহজে বুজিব পাৰি :
“এষ আদেশঃ এষ উপদেশঃ এষা ৱেদোপনিষৎ
এতদ্ অনুশাসন এৱম্ উপাসিতব্যম্ এৱামু-
চৈতদ্ উপাস্যম।” (তৈত্তিৰীয়, ১৷১১৷৪)
ত্ৰিপিটক “বিনয়” ছোৱাত বুদ্ধদেৱে “উপনিসা” সেইদৰে ব্যৱহাৰ কৰিছে—
“এতদত্থা কথা এতদত্থা মন্তনা এতদত্থা
উপনিসা এতদত্থা সোতাবধানং।”