ছয়
বৈদান্তিক ধৰ্মৰ প্ৰতিবাদী বৌদ্ধ ধৰ্ম
জৰথুস্ত্ৰ ধৰ্ম যদি বৈদিক আৰু প্ৰাকবৈদিক বহু দেৱ-দেৱীৰ সেৱাৰ বিৰুদ্ধে পূৰ্ব-বৈদান্তিক আৰ্য্য ধৰ্মৰ পৰা ফাটি যোৱা এটি ডাঙৰ ডাল; বৌদ্ধ ধৰ্মও উত্তৰ-বৈদিক যুগত সেই বহু দেৱ-দেৱীৰ বিৰুদ্ধে আৰু মূল উপনিষদবোৰত কিছুমান বৈদান্তিক মতৰ বিৰুদ্ধেও নৈষ্ঠিক বেদান্তৰ পৰা ফাটি যোৱা আৰু এটি ডাঙৰ ডাল। মূল বেদান্তৰ মতৰ ওপৰতে যেতিয়া উত্তৰ-দখিণা পূবা-পছিমা অসংখ্য দৰ্শনালয় স্থাপিত হল আৰু বেদান্ত নৈষ্ঠিকতা ৰক্ষা কৰিবলৈ নৈষ্ঠিক ষড়দৰ্শন বাচি উলিয়াব লগাত পৰিল, তেতিয়াই অনৈষ্ঠিক বুলি বৌদ্ধদৰ্শন বেলেগ হল। এই সম্পৰ্কত বিশেষ মনত ৰাখিব লগীয়া: বৌদ্ধ দৰ্শন মূল উপনিষদবোৰৰ পাছ, কিন্তু শেষৰ উপনিষদ, ৰামায়ণ, মহাভাৰত, গীতা আৰু বেদান্ত সূত্ৰৰ নিশ্চয় আগ। স্বৰূপতে বৰ্ত্তমান গঢ়ত ৰামায়ণ মহাভাৰত বুদ্ধদেৱৰ কেইবা শত বছৰৰো পাছৰ, আৰু নানা সাম্প্ৰদায়িক বিপক্ষ দলে যে তাত হাত ফুৰাইছিল পণ্ডিতসকলে তাক দেখুৱাইছে। এনে ক্ষুদ্ৰ স্বাৰ্থান্বিত লোকেই ভগৱান বুদ্ধদেৱক চোৰ নাস্তিক আদি গালি পাৰি ৰামায়ণত কালিমা সানিবলৈ সঙ্কোচ নকৰিছিল :—
“যথা হি চৌৰঃ তথা হি বুদ্ধস্তথাগতং নাস্তিকমাত্ৰ বিদ্ধি।
তস্মাদ্ধি যঃ শাক্যতমঃ প্ৰজ্ঞানাং স নাস্তিকে নাভিমূখো বুধঃ স্যাৎ॥
ৰামায়ণ (২৷১০৯৷৩৪)
তেনে নীচ-মনা পণ্ডিত-শ্ৰেণীয়েই মহাভাৰতো বাসুদেৱ-নিন্দাৰে কলঙ্কিত কৰিবলৈ শিশুপালক ব্যৱহাৰ কৰিছে; তাৰ চৰম প্ৰমাণ—