কৃষ্ণৰ জন্ম খৃষ্টপূৰ্ব একাদশ বা দ্বাদশ শতিকাৰ পাছৰ নহয়,
কিয়নো ছান্দোগ্য উপনিষদৰ কালত তেওঁৰ প্ৰচাৰিত ধৰ্মই যথেষ্ট
প্ৰতিষ্ঠা আৰু প্ৰসিদ্ধি লভিছিল। মেগেস্থেনিছৰ বৰ্ণনাৰ পৰা
বুজিব পাৰি খৃষ্টপূৰ্ব চতুৰ্থ শতিকা মানলৈকে এই ধৰ্ম সাত্বত
সম্প্ৰদায়ৰ মাজত আৰু মথুৰাৰ আশে-পাশেহে আবদ্ধ আছিল।
অশোকৰ দ্বাৰা বৌদ্ধধৰ্মৰ প্ৰবল প্ৰচাৰৰ ফলত খৃষ্টপূৰ্ব তৃতীয়
শতিকাত ই নিতাল মাৰে; কিন্তু খৃষ্টপূৰ্ব দ্বিতীয় শতাব্দীত মথুৰাৰ
সীমা ডেই আহি ই ভাৰতৰ সীমা-মূৰিয়লিৰ আন আন দেশত
সোমাইছিল, আৰু অনা-ভাৰতীয় সুসভ্য গ্ৰীক্সকলকো ই মুগ্ধ
কৰিব পাৰিছিল যে, সেই সময়ৰ ঘাছুন্দি আৰু বেশনগৰ লিপিয়েই
তাৰ সুন্দৰ প্ৰমাণ। সৱশেষত নানাঘাট গুহালিপিয়ে দেখুৱায়,
খৃষ্টপূৰ্ব যুগতে উত্তৰ ভাৰত অতিক্ৰম কৰি এই সাত্বত ধৰ্মই আকৌ
দক্ষিণ ভাৰতৰ ফালে চোঁচা লয়, আৰু মহাৰাষ্ট্ৰী লোকৰ হিয়া জয়
কৰি তামিল দেশত প্ৰবেশ কৰে। খৃষ্টীয় প্ৰথমৰ পৰা তৃতীয়
শতিকালৈ আকৌ সাত্বত ধৰ্মত আন্ধাৰ যুগ; সৰহ কি স্বয়ং মথুৰাতে
ই নিজ প্ৰতিপত্তি হেৰুৱালে, আৰু বৌদ্ধ, জৈন, আৰু সাপ-পূজাৰ
ধৰ্মই তাৰ ঠাই ললে। গুপ্ত ৰাজতহে (৪০০-৬৪ খৃ) ই শেষ বাৰ শীৰ্ষস্থান লভিলে।
⸻