পৃষ্ঠা:Yugnayak Sankardeva.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
আৰ্য্য ধৰ্মত দ্রাবিড়ী প্ৰভাৱ

 কৃষ্ণ-চৰিতৰ ঐতিহাসিক উপাদনৰ ভিতৰত, (১) খৃষ্টপূৰ্ব সপ্তম শতিকাৰ আগৰ ছান্দোগ্য উপনিষদ; (২) খৃষ্টপূৰ্ব চতুৰ্থ শতিকাৰ আগৰ মেগেস্থেনিছ আৰু আৰিয়ানৰ টোকা; (৩) খৃষ্টপূৰ্ব তৃতীয় শতিকাৰ আগৰ বৌদ্ধ ঘটজাতক; (৪) প্ৰায় উক্ত কালৰ জৈন উত্তৰাধ্যায়ন সূত্ৰ; (৫) খৃষ্টপূৰ্ব দ্বিতীয় শতিকাৰ আগৰ পতঞ্জলিৰ মহাভায্য; (৬) মহাভাৰত, হৰিবংশ, ভাগৱত, পুৰাণ আদি। বৰ্ত্তমান গঢ়ৰ শতসাহস্ৰী সংহিতা বা পাণ্ডু-মহাকাব্য, পাণিনি অশ্বলায়ন আদিৰ উল্লেখিত মহাভাৰত নহয়; ইয়াক মাত্ৰ খৃষ্টীয় ষষ্ঠ শতিকাৰ আগৰ বুলি ধৰা হয়। অন্ধ্ৰ বা গুপ্ত ৰাজমালাই তাত ঠাই পোৱা বাবে ভাগৱত, কিন্তু কোনো পুৰাণেই, খৃষ্টীয় চতুৰ্থ শতিকাৰ আগৰ হব নোৱাৰে; আৰু মহাভাৰতত ওঠৰখন পুৰাণৰ সম্পূৰ্ণ উল্লেখ থকা বাবে মূলত এইবোৰ ষষ্ঠ শতিকাৰ পাছৰ নহয়।

 ইহাতে আকৌ পদ্মতন্ত্ৰত আৰু মহাভাৰতৰ শান্তিপৰ্বত (১২৷ ২৩৫৷২৫, ১২৷৩৩৫৷১৯, ১২।৩৩৭৷১, ১২৷৩৪৮৷৪) ভাগৱত সাত্বত বা একান্তিক বা পঞ্চৰাত্ৰ নামৰ এটা সম্প্ৰদায়ৰ উল্লেখ আছে; আৰু শান্তিপৰ্বতে (১২৷৩৪৬৷১০-১১) এই ভাগৱতী ধৰ্ম নাৰদে নাৰায়ণৰ পৰা পোৱা বুলিছে। খৃষ্টপূৰ্ব দ্বিতীয় শতাব্দীৰ বেশনগৰ লিপি, তাৰ অলপ পূৰ্ববৰ্তী ঘাছূন্দি লিপি আৰু খৃষ্টপূৰ্ব প্ৰথম শতিকাৰ নানাঘাট লিপি আদিত ভাগৱতী সংকৰ্ষণ (বলোৰাম) আৰু বাসুদেৱৰ প্ৰতি ভক্তিৰ উল্লেখ আছে। তদুপৰি পাণিনিৰ ব্যাকৰণত “বাসুদেৱক” শব্দই ঠাই পোৱাৰ পৰা খৃষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পতঞ্জলিৰ বহু পূৰ্বে, সম্ভৱ খৃষ্টপূৰ্ব পঞ্চম শতিকাৰো আগত বাসুদেৱৰ সেৱকসকল থকাৰ প্ৰমাণ ওলায়। ব্ৰহ্মসূত্ৰ আৰু গীতা দুইখনেই খৃষ্টপূৰ্ব তৃতীয় শতিকাৰ আগৰ ৰচনা; কৃষ্ণৰ সমসাময়িক নহলেও পৰবৰ্তী কোনো লেখকে যে ভাগৱত বা সাত বা ঐকান্তিকসকলৰ ধৰ্মৰ প্ৰচাৰৰ অৰ্থেই গীতা ৰচিছিল, তাক শান্তিপৰ্বৰ (৩৪৬৷১১, ৩৪৮৷৮) পৰাই

বুজিব পাৰি।