এজন কবি পুৰোহিতে ইন্দ্ৰক প্ৰাৰ্থনা কৰিছে, ইন্দ্ৰই যেন যি দান দিব খোজে সেইবোৰ পণিহঁতক নিদি তেওঁৰ পৃষ্ঠপোষক যজমান্ জনক দান কৰে। দ্বিতীয় এজন ঋষি পুৰোহিতে গাইছে : “আদিৰ সন্তং চিদাঘূণে পুষাণদানায় চোদয়। পণীচ্ছিদ্ৰি ম্ৰদা মনঃ।” ( ৬৷৫৩৷৩) অৰ্থাৎ পূষাণ দেৱতাই ইন্দ্ৰদেৱতাৰ মন পণিবোৰৰ বিপক্ষে ঘূৰাই সকলো ধন-সম্পত্তি যেন অকল বৈদিক বিলাককহে দান কৰে। আৰু এজন কবি-ঋষিয়ে তেওঁলোকৰ উপাস্য ইন্দ্ৰদেৱতাকো সাৱধান কৰি দিছে—যদি ইন্দ্ৰই পণিবিলাকক ধন-সম্পত্তি দান কৰে তেন্তে বৈদিকবোৰে ইন্দ্ৰক কৃপণ বুলি গলি পাৰিবঃ “সো যূং পণীৰভ্যে- তানতৌ ভূ মাং ত্বা বোচন্ন-ৰাঘসৌ জনামঃ”। (অথৰ্ব, ৫৷১১৷৭)।
বৈদিকবোৰৰ এনে ‘মহৎ’ (?) আৰ্হি লৈ কিছুমান পণি ইন্দ্ৰৰ সেৱক হোৱা বুলি বেদত কৈছে, আৰু তাৰ প্ৰমাণৰূপে পণিৰ ভিতৰ শ্ৰেষ্ঠ বুলি বৃবুক উপাসা কৰিছে ঋকত, : “অশ্বি বৃবুঃ পণীনাং বৰ্ষিষ্টে মূৰ্দ্ধন্ন স্থান।” (৬৷৪৫৷৩১)। “বৃবু সহস্ৰ দাতমং সূৰিং সহস্ৰ সাতমম্।” ( ৬৷৪৫৷৩১) অৰ্থাৎ ‘বৃবু অৱশ্যে পণিবোৰৰ ভিতৰত মহৎ; ( কিয়নো) তেওঁ ঋষি-কবিবিলাকক খোজা-মাত্ৰকে বহুত দান দিয়ে, আৰু ঋষি-পুৰোহিতবোৰক সহস্ৰ সহস্ৰ দান দিয়ে।’
কিন্তু এনে পণিৰ লেখ তাকৰ; তেওঁলোক মাত্ৰ “কশ্চিৎ কশ্চিৎ ব্যভিচাৰী।” এনে পণিকেজনেই বৈদিকবিলাকক অনুকৰণ কৰি গৰূৰ লগতে ঘোৰাও পুহিছিল; তাৰ প্ৰমাণ বৈদিকবিলাকে পণিক লুটপাত কৰি গৰুৰ লগতে ঘোৰাও কাঢ়ি অনা বুলি বেদৰ স্তৱত উল্লেখ আছে।
বৈদিক ধৰ্মৰ ওপৰত পণিৰ দ্ৰাবিড়ী ধৰ্মৰ প্ৰভাৱৰ কথা আগতে কৈ অহা হৈছে। বৈদিক ধৰ্মত যোগ-সাধনাও দ্ৰাবিড়ী প্ৰভাৱ নিশ্চয়। অল্টেকৰ প্ৰভৃতি বৰ্ত্তমান সময়ৰ ঐতিহাসিকে বৈদিক যুগ ২০০০--১১০০ খৃঃ পূঃ আৰু পণিৰ দ্ৰাবিড়ী সভ্যতা ১৫০০ খৃঃ পূঃ লৈকে ধৰে। গতিকে আৰ্য্য আৰু দ্ৰাবিড়ী ধৰ্মৰ সানমিহলিৰ কাল ২০০০-১৫০০ খৃঃ পূঃ ধৰিব লাগে।