পৃষ্ঠা:Yugnayak Sankardeva.djvu/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিদৰে কৰা হ'ব এনে বাৰ-বুৰি প্ৰশ্নৰ বৈজ্ঞানিক সিদ্ধান্ত গ্ৰন্থকাৰে অন্যান্য ধৰ্ম বিচাৰ-পদ্ধতিৰ লগত তুলনা কৰি আমাক দিছে। এনে ভালেমান কাৰণত এই গ্ৰন্থই মহাপুৰুষীয়া ধৰ্মৰ আৰু শঙ্কৰদেৱৰ মতবাদ সম্পৰ্কেসকলে বিবাদৰ নিৰাকৰণ কৰি এক সমিল-মিলৰ চৰম মীমাংসাৰ ভেটিত আমাক থিয় কৰিছে।

 অকল ইমানেই নহয়, মহাপুৰুষীয়া আৰু সংশ্লিষ্ট সকলো ধৰ্মৰ মতামত সেইবোৰৰ মূলে সৈতে ব্যাপকভাৱে উল্লেখ কৰি দি পঢ়ুৱৈয়ে নিজৰ মনৰ সকলো শঙ্কা আৰু খৰচি যাতে নিজেই মাৰি লব পাৰে তাৰ কাৰণে হাতে ঢুকি পোৱা নোপোৱা সকলো শাস্ত্ৰৰ বিপুল উদ্ধৃতি দি গ্ৰন্থখনিক অকল বুৰঞ্জী বা সমালোচনা পুথিয়েই নহয়, ধৰ্ম-শাস্ত্ৰৰ এক ব্যাপক সংগ্ৰহ-পুথিৰো ৰূপ দিছে। আমি অতি আনন্দ, গৌৰৱ আৰু শ্ৰদ্ধাৰে সেই দেখি ইয়াক পঢ়ুৱৈ সমাজলৈ আগবঢ়ালোঁ; আশাকৰোঁ ইয়াক সদৌৱে সাদৰে গ্ৰহণ কৰিব।

শ্ৰীমুনীন্দ্ৰনাৰায়ণ দত্তবৰুৱা