পণিবোৰ তাৰ উত্তৰত কলে, 'তেন্তে, যোৱাঁ; তুৰন্তে তোমা- লোকৰ ইন্দ্ৰ দেৱতাক আমাৰ ইয়ালৈ পঠিয়াই দিয়াঁগৈ : আমি আমাৰ বৰ-গৰখীয়াৰ বিষয়খন তেওঁলৈ আচুতীয়াকৈ ৰাখি থৈছোঁ।’ তেতিয়া সৰমাই অনুনয় বিনয় কৰি তেওঁলোকক কলে অনাহক খৰিয়াল নলগাই যেন বৈদিকবিলাকৰ গৰু বৈদিকবিলাকক ঘূৰাই দিয়ে। এইবাৰ পণিবিলাকে স্পষ্ট কথাৰে উত্তৰ দিলে: “তুমি জানো সচাকৈয়ে ভাবাঁ বিনা যুদ্ধে এনে সম্পত্তি আমি ঘূৰাই দিম? মনত ৰাখিবাঁ, আমাৰ অস্ত্ৰ-শস্ত্ৰবোৰ যথেষ্ট বলী আৰু তীক্ষ্ন।’
বৈদিক দেৱতা ইন্দ্ৰক পণিবিলাকৰ বৰ-গৰখীয়া হবলৈ মতা, “অথা গবা গোপতিৰ্নো ভবতি” (ঋক্, ১০৷১০৮৷৩); পণিবোৰৰ অস্ত্ৰ-শস্ত্ৰ বলী আৰু তীক্ষ্ণ বুলি বৈদিক চোৰাংচোৱা-দূতী সৰমাক কোৱা, “উতাস্কামাকমায়ুধা সন্তি তিগমা” (ঋক্ ১০৷১০৮৷৫): ইমানতো বৈদিকবিলাকে ততালিকে যুদ্ধ-ঘোষণা নকৰি পণিবিলাকৰ ধ্বংসৰ বাবে অশ্বিন্ প্ৰভৃতি দেৱতাবোৰক স্তুতি কৰিছিলঃ “জৰেথাসম্পাদিপণেৰ্মনীষাম্” (৩৷৫৷২)। পণিবিলাকে এইদৰে বৈদিকবিলাকৰ গৰু বলেৰে নি আটক কৰি ৰখা ঘটনা নিশ্চয় বিশিষ্ট আছিল; নহলে “নিৰুদ্ধা আপঃ পণিনেব গাবঃ” (১৷৩২) বুলি এই উপমা বৃত্ৰই স্বৰ্গৰ পানী আটক কৰাৰ বিষয়ৰ দিলেহেতেন কিয়?
আমাৰ অনুমান, ভাগৱতৰ দশমত বৰ্ণোৱা, ইন্দ্ৰই চুৰকৈ নিয়া গৰুবোৰ কৃষ্ণই উদ্ধাৰ কৰা কাহিনী ইয়াৰে হেৰ-ফেৰ হব লাগিব। তথাকথিত আৰ্য্য আৰু দ্ৰাবিড়ী (বৈদিক আৰু পণি) এইদৰে অন্তত পাঁচশ বছৰমান (খৃঃ পূঃ ২০০০-১৫০০ ) যেনেতেনে একেলগে থকাৰ ফলস্বৰূপে স্বভাৱতে পৰস্পৰৰ ওপৰত পৰস্পৰৰ সংস্কৃতিৰ প্ৰভাৱ পৰিছিল নিশ্চয়। বৈদিকবিলাকে পণিবোৰৰ পৰা কি ধাৰ কৰিছিল তাৰ উল্লেখ অৱশ্যে বৈদিক সাহিত্যত বিৰল; কিন্তু পণিবিলাকৰ কিছুমান যে বৈদিক দেৱতা ইন্দ্ৰৰ সেৱক হৈছিল তাৰ প্ৰমাণ পোৱা হয়। বৈদিক ইন্দ্ৰ স্তৱৰ নমুনা এনে :