পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
যুগনায়ক শঙ্কৰদেৱ

নকৰিছিল আৰু বলি-বিধান নামানিছিল। তেওঁলোক সাউদ জাতি, গতিকে অজস্ৰ ধন-সম্পত্তিৰ গৰাকি আছিল; বৈদিকবিলাকে তেওঁ- লোকৰ লগত যুজি ৰাজ্যৰ সলনি ধন-সম্পত্তিহে হৰণ কৰিছিল। ঋক্ বেদৰ চাৰি ঠাইত (৬৷২৭৷৫-৬) এনেদৰে পণিবোৰৰ ধন-সম্পত্তি নি বৈদিকবোৰে ভগাই লোৱাৰ বৰ্ণনা পোৱা হয়। এনে যুদ্ধবোৰত সদায় যে পণিবোৰেই হাৰিছিল এনে হব নোৱাৰে; বেদত বৈদিক- বোৰৰ পৰাজয়ৰ কথা নকলেও কোনো কোনো মন্ত্ৰৰ পৰা ধৰিব পাৰি যে পণিবোৰেও সেইবোৰ পৰাজয়ৰ পোতক নোতোলাকৈ নেৰিছিল। বেদত বৰ্ণোৱা “দাশৰাজ্ঞা ৰণ” সুদাসৰ বিৰুদ্ধে পাঁচ আৰ্য্য আৰু পাচ অনাৰ্য্য ৰজা লগ-লাগি হৈছিল; ৰাবী আৰু যমুনা নৈৰ মাজৰ অঞ্চলত এই ৰণ লাগিছিল। ঋক্ বেদত “সৰস্বতী ধৰুণমায়সী পূ” (৭৷৯৫৷১) অৰ্থাৎ সৰস্বতী নৈ লোহাৰ দুৰ্গ বোলা কথাই ইঙ্গিত দিয়ে যে সেয়ে বৈদিক আৰু পণিৰ ৰাজ্য দুখনৰ সীমা আছিল। আকৌ “যা শশৱন্তমাচৰাবাদাবসংপণিম্” (ঋক, ৬৷৬১৷১) আদি বাক্যই প্ৰমাণ কৰে পণিবিলাকে সৰস্বতী নৈ পাৰ হৈ বৈদিক- বোৰক হৰুৱাব নোৱাৰিছিল।

 বৈদিকবিলাকে পণিৰ ৰাজ্য লুট-পাত কৰিলে পণিবোৰেও তাৰ যোৰায়-জোখায় দিয়াৰ কথা অন্ততঃ ঋক্ বেদৰ এটা শ্লোকত পোৱা হয়। ঋক বেদৰ আৰু এঠাইত (১০৷১০৮) এটা ৰহস্যপূৰ্ণ কাহিনী কৈছে; এবাৰ পণিবোৰে বৈদিকবোৰৰ ৰাজ্য মাৰি সিহঁতৰ গৰুবোৰ নি নিজৰ দুৰ্গত আটক কৰি ৰাখিলে। বৈদিকবিলাকে পণিবোৰলৈ ভয় কৰি যুদ্ধ-যাত্ৰা নালাগে ভাবুকি দিবলৈও সাহ নকৰি সৰমা নামে এজনী তিৰুতাক দূতী-তথা-চোৰাংচোৱা কৰি পঠালে যাতে বিনা-যুদ্ধে গৰুখিনি ঘূৰাই দিবলৈ পণিবোৰ মান্তি হয়। তাই চোৰাংচোৱাৰূপে গৰুখিনি আটক কৰা দুৰ্গটো বিচাৰি পালে, আৰু ভয়ত পণিবোৰক কোনো যুজ-বাগৰৰ কথা নুবুলি দূতীৰূপে মাত্ৰ

কলে বৈদিকবিলাকৰ দেৱতা ইন্দ্ৰ কেনে অজেয়।