পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬৩
ওপচনি

‘প্ৰকৃতি আৰু পুৰুষ উভয়েই অনাদি বুলি জানিবাঁ ( যিহেতুকে পৰমেশ্বৰ অনাদি, আৰু প্ৰকৃতি-পুৰুষ পৰমেশ্বৰত জড়িত)। দেহ-মন আদি বিকাৰ আৰু তিনিগুণ প্ৰকৃতিজাত বুলি জানিবাঁ। প্ৰকৃতিকে কাৰ্য্য, কাৰণ আৰু কৰ্তৃত্বৰ হেতু বোলে; পুৰুষক সুখ-দুখবোৰৰ ভোক্তৃত্বৰ (ভোগৰ) হেতু বোলে। যিহেতুকে প্ৰকৃতিত অৱস্থিত হৈ পুৰুষে প্ৰকৃতি-জাত গুণবোৰ ভোগ কৰে, (সেয়ে) সৎ-অসৎ যোনিত জন্মগ্ৰহণ কৰি (তদ্ৰূপ) গুণযুক্ত হোৱাৰ কাৰণ। এই দেহতে যি পৰঃ (ব্যতিৰিক্ত, পৰম) পুৰুষ উপদ্ৰষ্টা (সাক্ষী), অনুমন্তা ( অনুমোদক ), ভৰ্তা (পতি) আৰু ভোক্তা (ৰূপে ) আছে, ( তেওঁকে) পৰমেশ্বৰ আৰু পৰমাত্মা আদি বোলে। যি এইদৰে গুণে সৈতে প্ৰকৃতিক আৰু পুৰুষক জানে, তেওঁ সৰ্বপ্ৰকাৰে বৰ্তমান ( জীৱিত) থাকিও পুনৰ জন্ম নলয়’। শেষৰ শ্লোকটিত জীৱাত্মা-পৰমাত্মা ভেদৰে ইঙ্গিত আছে।

“প্ৰকৃত্যৈব চ কৰ্মাণি ক্ৰিয়মাণানি সৰ্বশঃ।
যঃ পশ্যতি তথাত্মানমকৰ্তাৰং স পশ্যতি।” ১৩৷৩০

‘কৰ্মমাত্ৰকে সৰ্বভাৱে প্ৰকৃতি-কৃত আৰু আত্মক কৰ্তৃত্বৰহিত ( অকৰ্তা) যি দেখে তেৱেঁই ( প্ৰকৃত ) দেখে।’

“অজাহপি সন্নব্যয়াত্মা ভূতানামীশ্বৰোহপি সন্।
প্ৰকৃতিং স্বামধিষ্ঠায় সম্ভবাম্যাত্মমায়য়া।” ৪৷৬

‘জন্মৰহিত আৰু ক্ষয়ৰহিত হৈও, জীৱসমূহৰ ঈশ্বৰ হৈও, নিজ প্ৰকৃতিৰ কৰণেৰে নিজ মায়াৰে মই অৱতীৰ্ণ হওঁ।’