পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬২
যুগনায়ক শঙ্কৰদেৱ


‘সাত্ত্বিক ৰাজসিক তামসিক ভাবাপন্ন আটায়েই মোৰ, কিন্তু মই সিবোৰৰ নহওঁ। এই তিনগুণময় ভাবত মোহিত সিবোৰে পৰম (ব্যতিৰিক্ত) অব্যয় (বিকাৰ-বৰ্জিত) মোক নাজানে। কিয়নো এই গুণময়ী মোৰ দৈবী (অঘটন-ঘটন-পটীয়সী) মায়া দুস্তৰা ( দুৰতিক্ৰমা); যিসৱে অকল মোকেই ভজনা কৰে সিসৱেহে মোৰ এই মায়া তৰিব (পাৰ হব) পাৰে।’ ইয়াত “মম মায়া” বুলি সাংখ্যৰ প্ৰতিপাদিত প্ৰকৃতিৰ স্বতন্ত্ৰতা অস্বীকৃত আৰু নিষিদ্ধ হৈছে।

“নাহং প্ৰকাশঃ সৰ্বস্য যযাগমায়াসমাবৃত।
মূঢ়োহয়ং নাভিজানাতি লোক মামজমব্যয়ম্।”

‘মই যোগমায়াৰ দ্বাৰা সমাবৃত (ঢাক খাই) থকা হেতুকে সকলোৰে ( কাষত) প্ৰকাশিত নহওঁ; (এতেকে ) মই মূঢ় জগতে মোক অজ (জন্মৰহিত) অব্যয় (ক্ষয়ৰহিত) বুলি নাজানে।’ শঙ্কৰাচাৰ্যৰ মতে “যোগঃ গুণানাং যুক্তিঃ ঘটনম্, সা এব মায়া।” ‘গুণবোৰৰ সংযোগ বা সংঘটনেই যোগ, আৰু এই যোগেই মায়া।’

(জ) গীতাৰ বিচাৰ মতে পুৰুষ-তত্ত্ব
“প্ৰকৃতিং পুৰুষঞ্চৈব বিদ্ধনদী উভাবপি।
বিকাৰাংশ্চ গুণাংশ্চৈব বিদ্ধি প্ৰকৃতিসম্ভৱান॥ ১৩৷২০
কাৰ্য্যকাৰণকৰ্তৃত্বে হেতুঃ প্ৰকৃতিৰুচ্যতে।
পুৰুষঃ সুখদুঃখানাং ভোক্তৃত্বে হেতুৰুচ্যতে॥ ১৩৷২১
পুৰুষঃ প্ৰকৃতিস্থো হি ভুঙ্ ক্তে প্ৰকৃতিজান গুণান্।
কাৰণং গুণসঙ্গোহস্য সদসদ্ যোনিজম্মসু। ১৩৷২২
উপদ্ৰষ্টানুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰঃ॥
পৰমাত্মেতি চাপ্যুক্তো দেহেহস্মিন্ পুৰুষঃ পৰঃ। ১৩৷২৩
য এবং বেত্তি পুৰুষং প্ৰকৃতিং চ গুণৈঃ সহ।
সৰ্বথা বৰ্তমানোহপি ন স ভূয়োহভিজায়তে।” ১৩৷২৪