শিল যে পোতে, সি লিঙ্গৰ প্ৰতীক, শিৱৰ এটা নাম উৰ্দ্ধলিঙ্গ; অৱশ্যে লিঙ্গ, লাঙ্গুল (নাঙল, সিও লিঙ্গৰ প্ৰতীক) আদি শব্দ সম্ভৱ প্ৰটো-অষ্ট্ৰেলয়ড্।
তেনেহলে আমি এইদৰে বৈদিক সংস্কৃতিত দ্ৰাবিড়ী প্ৰভৃতি জাতি আৰু তেওঁলোকৰ বিভিন্ন সংস্কৃতিৰ সমন্বয় ঘটা দেখিবলৈ পাওঁহঁক। যি জাতিয়ে এনেদৰে বিভিন্ন সংস্কৃতি জীণ নিয়াব নোৱাৰে সেই জাতি জীয়া নহয় আৰু কদাপি সেইদৰে জীয়াই থাকিবও নোৱাৰে।
দ্ৰাবিড়ী তথা ভূমাধ্যিক জাতিৰ ভাৰত-আক্ৰমণৰ কাল বৈদিক- বিলাকৰ অন্ততঃ সহস্ৰাধিক বছৰৰ আগ; আৰু ১৯২২-২৩ খৃঃত সিন্ধু উপত্যকাত মাটিৰ তলত পোৱা, বৈদিক সভ্যতাতকৈ অনেক গুণে শ্ৰেষ্ঠ, যি বাস্তৱ সভ্যতাৰ নিদৰ্শনে ভাৰতবৰ্ষৰ ইতিহাস সলাই পেলালে, সেই সভ্যতা এওঁলোকৰে। কি বাস্তৱ, কি ভাবাত্মক, সকলো ফালে আন সকলো জাতিতকৈ ভাৰতীয় সভ্যতা-সংস্কৃতিলৈ এওঁলোকৰ দানেই গৰিষ্ঠ আৰু অতুলন; নৰক-ভগদত্ত আদি ভৌম- বিলাক, পুৰণি প্ৰাগজ্যোতিষ আদি ৰাজ্যও, এওঁলোকৰে বুলি কোৱা হয়৷ ভাবাত্মক ফালত, ভাৰতীয় লিপি আৰু জ্যোতিৰ্বিদ্যাৰ দৰে ভাৰতীয় ভক্তি-ধৰ্মও এওঁলোকৰে অৱদান বুলি ৰমাপ্ৰসাদ চন্দ প্ৰভৃতি পণ্ডিতসকলে দঢ়াই কয়।
আধুনিকতম গৱেষণা অনুসৰি, অল্টেকৰ প্ৰভৃতি পণ্ডিতবিলাকে ভাবে বৈদিকবিলাক যদি খৃষ্টপূৰ্ব ২০০০ বছৰ মানত অহাটো হয়, তেন্তে সেই মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সেই পূৰ্ববাসীবিলাকৰ লগত এওঁলোকে নিশ্চয় পাঁচ শতিকামান কাল সহ-বসতি কৰিছিলঃ কিয়নো ৯৫০ x ৫৫০ বৰ্গমাইল জোৰা তেওঁলোকৰ ৰাজ্যখন বৈদিক- বিলাকে ভাৰতত ভৰি দিয়া মাত্ৰকে চিত্ৰৰ ঘৰৰ দৰে ভাগি পৰা নাছিল। সম্ভৱ, বৈদিক সাহিত্যত উল্লেখ কৰা পণিবিলাক এওঁলোকেই, বা এওঁলোকৰে কোনো ফৈদ।
বৈদিক সাহিত্য মতে, পাণিবোৰে আন দেৱ-দেৱীক সেৱা