(ছ) গীতাৰ পোহৰত প্ৰকৃতি-তত্ত্ব
“ভূমিৰাপোহনলে বায়ুঃ খং মনে বুদ্ধিৰেব চ।
অহঙ্কাৰ ইতীয়ং মে ভিন্ন প্ৰকৃতিৰষ্টধা। ৭৷৪
অপৰেয়মিতস্ত্বন্যাং প্ৰকৃতিং বিদ্ধি মে পৰাম্।
জীৱভূতাং মহাবাহো যদেয়ং ধাৰ্য্যতে জগৎ। ৭৷৫
এতদ্ যোনীনি ভূতানি সৰ্বাণীত্যুপধাৰয়।
অহং কৃৎস্নস্য জগতঃ প্ৰভৱঃ প্ৰলয়স্তথা।” ৭৷৬
‘মাটি, পানী, জুই, বতাহ, আকাশ, মন, বুদ্ধি আৰু অহঙ্কাৰ, এয়ে মোৰ অষ্টধা-ভিন্ন প্ৰকৃতি। হে মহাবাহু, এয়া মোৰ অপৰা(নিকৃষ্টা) প্ৰকৃতি; কিন্তু ইয়াতকৈ পৃথক্ (আৰু ) জীৱৰ আধাৰ স্বৰূপ, যি এই জগৎ ধাৰণ কৰিছে, সেই পৰা (প্ৰকৃষ্টা) প্ৰকৃতিক জানি লোৱা। (চেতন-অচেতন ) সকলো পদাৰ্থৰ এই প্ৰকৃতিয়েই উৎপত্তিস্থান বুলি ধাৰণা কৰা; (আৰু এই হেতুকেই) মই সমগ্ৰ জগতৰ উৎপত্তি আৰু প্ৰলয়।’
“ময়াধ্যক্ষেণ প্ৰকৃতিঃ সূয়তে সচৰাচৰম্।
হেতুনানেন কৌন্তেয় জগদ্বিপৰিবৰ্ততে।” ৯৷১০
‘হে কুন্তীপুত্ৰ, মোৰ অধ্যক্ষতাত প্ৰকৃতিয়ে স্থাবৰ-জঙ্গমাত্মক জগৎ উদ্ৰেক কৰে; এই হেতুকেই জগৎ বিবিধৰূপে পৰিবৰ্তিত হয়।’ অৰ্থাৎ পৰমাৰ্থত সৃষ্টি-স্থিতি-প্ৰলয় মিছা কথা; ই বিকাৰ মাত্ৰ।
“যে চৈব সাত্ত্বিকা ভাবা ৰাজসান্তামসাশ্চ যে।
মত্ত এবেতি তান্ বিদ্ধি ন ত্বহং তেষু তে ময়ি॥ ৭৷১২।
ত্ৰিভিৰ্গুণময়ৈৰ্ভাবৈৰেভিঃ সৰ্বমিদং জগৎ।
মোহিতং নাভিজানাতি মানেভ্যঃ পৰমব্যয়ম্॥ ৭৷১৩
দৈবী হো গুণময়ী মম মায়া দুৰত্যয়া।
মামেব যে প্ৰপদ্যন্তে মায়ামেতাং তৰন্তি তে॥” ৭৷১৪