(ঙ) গীতা-উপনিষদৰ বিচাৰত অক্ষৰ ব্ৰহ্ম
অক্ষৰ-ব্ৰহ্ম যোগত অৰ্জ্জুনৰ ব্ৰহ্ম কি, অধ্যাত্ম কাক বোলে, কৰ্ম কি, আৰু অধিভূত, অধিদৈব আৰু অধিযজ্ঞ কাক কয় ইত্যাদি প্ৰশ্ন উত্তৰত কৃষ্ণই কয়—
“অক্ষৰং ব্ৰহ্ম পৰমং স্বভাৱোহধ্যাত্মমুচ্যতে।
ভূতভাবোদ্ভৱকৰো বিসৰ্গঃ কৰ্মসংজ্ঞিতঃ॥ ৮৷৩
অধিভূতং ক্ষৰো ভাবঃ পুৰুষশ্চাধিদৈৱতম্।
অধিষজ্ঞোহহমেত্ৰ দেহে দেহভৃতাং বৰ।” ৮৷৪
‘হে নৰবৰ, অক্ষৰেই পৰম ব্ৰহ্ম, স্বভাৱেই অধ্যাত্ম, উৎপন্ন বস্তুৰ বিসৰ্জন (অৰ্পণ ) মাত্ৰই কৰ্ম, নশ্বৰ বস্তুৱেই অধিভূত, পুৰুষেই অধিদেৱতা আৰু দেহৰ ভিতৰত ময়েই অধিযজ্ঞ।
বৃহদাৰণ্যক উপনিষদত কৈছে, “এতস্য অক্ষৰস্য প্ৰশাসনে গাৰ্গি সূৰ্য্যচন্দ্ৰমসৌ বিধৃতে তিষ্ঠতঃ॥” (৩৷৮৷৯)। “হে গাৰ্গী, এই অক্ষৰ ব্ৰহ্মৰ প্ৰশাসনতে সূৰ্য্য-চন্দ্ৰ বিধৃত আছে।’ শ্ৰীধৰ স্বামীয়ে লিখিছে, “স্বস্য এব ব্ৰহ্মণ এব অংশতয়া জীৱৰূপেণ ভৱনং স্বভাৱঃ।” ‘ব্ৰহ্মৰ অংশৰূপে জীৱ-ভাব পোৱাই স্বভাৱ।’ আৰু “স এব আত্মানং দেহম্ অধিকৃত্য ভোক্তৃত্বেন বৰ্তমানোহধ্যাত্মশব্দেন উচ্যতে।” ‘দেহক অধিকাৰ কৰি যি ভোক্তৃৰূপে বৰ্তমান তেওঁকে অধ্যাত্ম বোলে।’ “ক্ষৰো বিনশ্বৰো, ভাবো দেহাদি পদাৰ্থঃ, ভূতং প্ৰাণিমাত্ৰম্ অধিকৃত্য ভৱতি ইতি অধিভূত উচ্যতে।” ‘দেহাদি যিবোৰ নশ্বৰ পদাৰ্থই প্ৰাণী মাত্ৰকে অধিকাৰ কৰি আছে সেইবোৰকে অধিভূত কয়।’ “পুৰুষো বৈৰাজঃ সূৰ্য্যমণ্ডলমধ্যবৰ্তী স্বাংশভূত সৰ্বদেৱতানাম্ অধিপতিঃ অধিদৈবত উচ্যতে।' (শ্ৰীধৰস্বামী)। সূৰ্য্য মণ্ডলৰ মাজত থকা যি বিৰাট পুৰুষ নিজ অংশভূত সৰ্বদেৱতাৰ অধিপতি, তেওঁকে অধিদৈৱত বোলে।’ আকৌ, “য বৈ শৰীৰী প্ৰথম স বৈ পুৰুষ উচ্যতে।” (মাৰ্কণ্ডেয় পুৰাণ, ৪৫৷৬৪)। “যি প্ৰথম শৰীৰী তেওঁকে পুৰুষ বোলা হয়।’