ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞবিভাগ যোগত কৈছে—
“জ্ঞেয়ং যত্তং প্ৰবক্ষ্যামি যজজ্ঞাত্বা’মৃতমশ্নূতে।
অনাদিমৎ পৰং ব্ৰহ্ম ন সৎ তন্নাসদুচ্যতে॥” ১৩৷১৩
অৰ্থাৎ ‘যি জানিব লগা, যি জানিলে অমৃত ভোগ হয়, তাৰ কথা কওঁ। সি আদি-হীন পৰম ব্ৰহ্ম, সৎ বা অসৎ বাচ্য নহয়।’
উদ্ধৃত শ্লোকবোৰত নিৰুপাধিক ‘ব্ৰহ্ম’ আৰু ’পৰম ব্ৰহ্ম’ৰ অৰ্থৰ প্ৰভেদ আছে নে নাই ভাবিবলগীয়া। মহাপুৰুষীয়া ধৰ্ম্ম-তত্ত্ব মতে—
“ব্ৰহ্ম পদে শুদ্ধ জীৱক বুলিয়,
ঈশ্বৰ পৰম ব্ৰহ্ম।” ঘোষা, ১৯৪।
প্ৰশ্ন-উপনিষদৰ মতে হলে ব্ৰহ্মই চৰম তত্ত্ব –“এতৎ পৰম্ ব্ৰহ্ম বেদ, নাতঃ পৰমস্তীতি।” (৬৷৭)। আকৌ মহাপুৰুষীয়া ধৰ্ম-তত্ত্ব মতে ‘পুৰুষ’ মানে জীৱ; যেনে, “তেৱেসে পুৰুষে পায় ভকতিৰ তত্ত্ব।” কঠ-উপনিষদ মতে পুৰুষ আৰু ব্ৰহ্ম সমাৰ্থক—“পুৰুষাৎ ন পৰং কিঞ্চিৎ সা কাষ্ঠা সা পৰা গতিঃ।” (১৷৩৷১১) অৰ্থাৎ ‘ব্ৰহ্মৰ অতীত আনৰ কোনো সত্তা নাই; ব্ৰহ্মই পৰম গতি।