(গ) গীতাত “মহাপুৰুষ” শব্দৰ ব্যৱহাৰ
গীতাৰ অষ্টম অধ্যায়ৰ নাম অক্ষৰ ব্ৰহ্ম যোগ বা মহাপুৰুষ যোগ। এই অধ্যায়ৰ সামৰণিত আছে―“ইতি মহাভাৰতে সতসহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং ভীষ্মপৰণি শ্ৰীমদ্ভগৱৰ্গীতাপনিষৎসু ব্ৰহ্মবিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জুনসংবাদে অক্ষৰত্ৰহ্মযোগো মহাপুৰুষযোগে বা নাম অষ্টমোহধ্যায়ঃ।” তদুপৰি গীতাৰ পঞ্চদশ অধ্যায় পুৰুষোত্তম যোগ; ‘মহাপুৰুষ’ আৰু ‘পুৰুষোত্তম’ যে সমাৰ্থক এই কথা বঢ়িয়াকৈ বুজিব পাৰি। ইফালে “পুৰুষ” আৰু “পুৰুষ” আকৌ সমাৰ্থক; কিয়নো “পূৰ্ণ অনেন সৰ্ব ইতি পুৰুষঃ” (এওঁৰ দ্বাৰা বিশ্ব ব্যাপ্ত, এতেকে পুৰুষ); আৰু “পুৰিশয়না, বা পুৰুষঃ” (দেহপুৰত শয়নকৰে, এতেকে পুৰুষ)। গীতাৰ সন্ন্যাস যোগত কৈছে “নৱৰাৰে পুৰে দেহী” (৫১৩) ইত্যাদি; দুই কাণ, দুই চকু, দুই নাক, মুখ, মূত্ৰদ্বাৰ আৰু পুৰীষাৰ লৈ দেই-পুৰ। অসমীয়া দেহবিচাৰৰ গীতত আৰু কবীৰৰ দোহা আদিত এই নৱখন দুৱাৰেৰে দেহপুৰৰ উপমা প্ৰসিদ্ধ।
মহাপুৰুষৰ সেৱা-প্ৰৱৰ্তনৰ পৰাই হে যে শঙ্কৰদেৱ-মাধৱদেৱক পাছত মহাপুৰুষ বোলা হ’ল তাৰ প্ৰমাণ আমি আগতেই দাঙি ধৰি আহিছোঁ; গতিকে মহাপুৰুষ আৰু মহাপুৰুষীয়া শব্দৰ মূল তাৎপৰ্য বুজাত আহকাল নাই। মহাপুৰুষীয়া সাহিত্যত পুৰুষ” শব্দয়ো স্ত্ৰীৰ বিপৰীত অৰ্থ নুবুজায়ঃ “তেবেসে পুৰুষে পায় ভকতিৰ তত্ত্ব” বোলোতে ওপৰত দিয়া তাৎপৰ্য বিচাৰ কৰিব লাগে।