পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫২
যুগনায়ক শঙ্কৰদেৱ

ছপাবলৈ কব পাৰে, কিন্তু তাক এই গ্ৰন্থত গ্ৰন্থকাৰৰ ইচ্ছা মতেই সন্নিবিষ্ট কৰা হৈছে নেকি তাকো সঠিক নাজানো।হলেও বাস্তৱতে মূল গ্ৰন্থৰ লগত ই জীণ নাযায় নিশ্চয়।

 প্ৰথম তাঙৰণৰ পাতনিত গ্ৰন্থকাৰে লিখিছিল—“মহাপুৰুষ শঙ্কৰ-মাধৱৰ চৰিত পুথি কেইবাখনো পঢ়ি মিলাই, আৰু মহাপুৰুষীয়া সত্ৰৰ সন্ত-সাধুসকলৰ মুখে মুখে প্ৰচলিত হৈ অহা চৰিত্ৰ, আৰু ঘাইকৈ পিতৃদেৱ দীননাথ বেজবৰুৱাৰ মুখে শুনা চৰিত্ৰৰ যি মনত আছিল সেইবোৰ সুঁৱৰি জুকিয়াই লৈ এই চৰিত্ৰৰ কিতাপখনি আমি ৰচনা কৰিলোঁ।” আমি দেখাত লেখকে ৰামচৰণ আৰু দৈত্যাৰিৰ গুৰুচৰিত উপৰুৱাকৈ আৰু পিতৃয়েকৰ পৰা “মুখে শুনা চৰিত্ৰৰ যি মনত আছিল” তে “ঘাইকৈ” আওজনি লৈ এই পুথি লিখিছিল। শঙ্কৰদেৱ-মাধৱদেৱৰ চৰিত্ৰ এখন বৰ্তমান যুগৰ বাবে তৰিবলৈ পোনতে অকল এনে উপায় লোৱা সিমান দোষাবহ নহব পাৰে; কিন্তু তাৰ প্ৰায় পোৱা-শতিকাৰ পাছত যদি “নিজেই যুগুতাই থৈ যোৱা এখন পাণ্ডুলিপি” আছিল তাত সেই নীতিৰ সংশোধন অৱশ্যে হব লাগিছিল। প্ৰকাশকৰ মতে গ্ৰন্থকাৰে “পৰিমাৰ্জিত সংস্কৰণটোৰ সকলো কাম শেষ কৰিছিল”; তেন্তে তাত এনেবোৰ খুত থাকি যোৱাটো আমি দেখিবলৈ পাব নালাগিছিল।

 স্বৰ্গীয় লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি শ্ৰদ্ধাত আমি কাৰো পিছপৰা নহওঁ; কিন্তু শ্ৰদ্ধাভাজন এজনে ক’লে বা কৰিলে বুলিয়েই কোনো অসত্য সত্যত পৰিণত হব নোৱাৰে নিশ্চয়। সেইদেখি বৰ্তমান সময়ত কিতাপখনি এনে ত্ৰুটিপূৰ্ণভাৱে প্ৰকাশিত হোৱাত আমি দুখ পাইছোঁ। অন্ততঃ প্ৰথম তাঙৰণৰ ওপৰত গ্ৰন্থকাৰে কি যোগ-বিয়োগ কৰিলে সেইখিনিকে পঢ়োঁতাৰ চকুৰ আগত জ্বলজ্বল-পটপটকৈ দাঙি ধৰাটো প্ৰকাশকৰ দায়িত্বৰ ভিতৰত সোমাব লাগিছিল বুলি আমাৰ বিশ্বাস।