পূজা শব্দ বা পূজ্ ধাতু ভাৰতবৰ্ষৰ বাহিৰে কোনো ইন্দো- ইউৰ’পীয় ভাষাত পাবলৈ নাই; কিন্তু দ্ৰাবিড়ী পূ(=ফুল)+জে (গে বা চে= কৰা): গতিকে ‘হোম’ ( যাগ-যজ্ঞৰ) পশু-কৰ্মৰ ( বলি-বিধানৰ ) বিপৰীতে ‘পূজা’ৰ পুষ্প-কৰ্মৰ ব্যৱস্থা। ঋক্ বেদত কৃষ্ণ (প্ৰাঃ, কান্হ; তামিল, কান্নন) এক অসুৰ; দ্ৰাবিড়ী পুৰাণত কৃষ্ণ এজন যৌৱন-দেবতা, আৰু স্বভাৱতে ভাগৱতৰ সাত-বছৰীয়া কৃষ্ণতকৈ ৰাস-ক্ৰীড়াৰ নায়কৰ বাবে অধিক উপযুক্ত।
“পত্ৰং পুষ্পং ফলং তোয়ং যো মে ভক্ত্যা প্ৰযচ্ছতি।
তদ্ অহং ভক্তৃপহৃতং অশ্নামি প্ৰযতাত্মনঃ॥” (৯৷২৬)
গীতাৰ এই বিশিষ্ট উক্তি যাগ-যজ্ঞৰ সলনি পূজা অনুষ্ঠানৰ হেতু ক্ষমা-ভিক্ষা বুলিব পাৰি; আৰু ব্ৰাহ্মণ্য ধৰ্ম-ৰাজ্যৰ ভিতৰত পূজাৰ প্ৰথম ৰাজ-নিদৰ্শন। এই প্ৰাক্-আৰ্য্য (দ্ৰাবিড়ী) অনুষ্ঠান-গ্ৰহণৰ আৰু অৰ্থ হ’ল সেই অনুষ্ঠানৰ প্ৰাক্-আৰ্য্য (দ্ৰাবিড়ী) দেৱতা কৃষ্ণক গ্ৰহণ। কিন্তু ব্ৰাহ্মণ্য ধৰ্মই প্ৰাক্-আৰ্য্যৰ পৰা অকল কৃষ্ণ- দেৱতাকে নহয়, আন আন দেৱতাও গ্ৰহণ কৰিছে।
ঋকবেদত (১০৷১৩৬৷৭) প্ৰাক্-আৰ্য্য নীল-লোহিতৰ (নীলা ডিঙিৰে ৰঙা ৰঙাল মুখ) উল্লেখ আছে। তামিল ভাষাত চেম্পু বা ছেম্বু মানে তাম বা ৰঙা ধাতু, আৰু চিবন্ মানেও ৰঙা; এই দুটা শব্দৰ পৰাই যথাক্ৰমে শম্ভু আৰু শিৱ’ শব্দ দুটা অহা স্বাভাৱিক। ইফালে (কন্দা, চিঞৰা) ধাতুৰ পৰা , ৰুদ্ৰ, মাকৎ (হো-হো কৰা বতাহ-ধুমুহা)-বোৰৰ জনক প্ৰলয়কাৰী বৈদিক দেৱতা : গতিকে এতিয়া ৰুদ্ৰ =শম্ভু=শিৱ।
দ্ৰাবিড়ীবিলাকৰ জীৱন আৰু বিশ্ব-ব্ৰহ্মাণ্ডৰ মূলাধাৰ শক্তিৰ কল্পনা এক মাতৃ-দেৱী আৰু পিতৃদেৱ, বৈদিকবিলাকৰ আকাশত থকা পিতৃ আৰু পৃথিবী মাতৃৰ ধাৰণাতকৈ অধিক গভীৰ নিশ্চয়। সেই মাতৃদেৱীয়েই উমা (মা), আৰু পিতৃ-দেৱই শিৱ। খাছিয়াই (সম্ভৱ সেইদৰে মন্খেমৰ আৰু কোল জাতিয়েও) মৰা-পোতা ঠাইত ঠিয়