পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫০
যুগনায়ক শঙ্কৰদেৱ

মিলাই চালই সেইখিনি ধৰা পৰি, তাৰ উত্তৰত কব লাগিব—প্ৰথম ভাঙৰণ আধা শতিকাৰ পাছত সুলভ একাহেতেন এই প্ৰকাশনৰ এয়োজন সিমান নহলহেতেন নিশ্চয়।

 “বেজবৰুৱাই যি কালত এই পুথিখন ৰচনা কৰিছিল সেই কালত এনে ধৰণৰ ই প্ৰথম চেষ্টা কাৰণে ইয়াৰ তথ্য-পাতিবোৰ পোৱাটো স্বাভাৱিকতে তেনেই দুঃসাধ্য আৰু সীমাবদ্ধ আছিল আৰু বেজবৰুৱাই তাৰ ওপৰতে ভেটি কৰি এই পুথি লিখিছিল। বেজবৰুৱাৰ পিচত এই সুদীৰ্ঘ পঞ্চাশ বছৰৰ ভিতৰত শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ বিষয়ে ভালেমান নতুন তথ্য-পাতি উদ্ধাৰ হৈ আছে আৰু গুৰু দুজনাৰ ওপৰত নতুন আলোকপাত হৈছে। এই ফালৰপৰা বিচাৰ কৰিলে এতিয়া বেজবৰুৱাৰ এই ৰচনাৰ কোনো কোনো ঠাইত কিবা খুত বা আসেৱাহ আদি ওলোৱাৰ শঙ্কাও নোহোৱা নহয়। কিন্তু সেইবোৰৰ প্ৰতিকাৰ কৰিবলৈ যোৱা মানে বেজবৰুৱাৰ পুথিখন চালি জাৰি আকো নকৈ লিখাৰ দৰেই হয়; যিটো কাম কৰিবলৈ গৈ বেজবৰুৱাৰ লিখাৰ ওপৰত হাত চলাই তেখেতৰ ৰচনাক অজ্ঞানতঃ আমি বিকৃত কৰাৰ দুঃসাহস কোনো পধ্যে কৰিব নোৱাৰোঁ।”

 প্ৰকাশকৰ এইখিনি কথাৰ সত্যতা আমি উপলব্ধি কৰোঁ; কিন্তু কোন শকত লেখকে দ্বিতীয় সংস্কৰণৰ পাণ্ডুলিপি যুগুত কৰিছিল, আৰু তাত কৰা যোগ-বিয়োগখিনি কি ভেটিত কৰা হৈছিল, সেই সম্পৰ্কে প্ৰকাশকে পঢ়েতাক আন্ধাৰ কোঠাত আটক কক্ষমযোগ্য নহয় বুলি নকৈ নোৱাৰোঁ প্ৰকাশকে ইঙ্গিত কৰা প্ৰথম ভাঙৰণৰ খুতৰ ভিতৰত ঘাই হল গ্ৰন্থখনৰ আহিলা-পাতি গ্ৰহণ কৰা অবৈজ্ঞানিক ৰীতি। এতিয়ালৈকে প্ৰকাশিত হোৱা আৰু সোত শতিকাৰ ভিতৰত লিখা বুলি ভাবিব পৰা চাৰিখন গুৰু-চৰিত যথাক্ৰমে ৰামচৰণ, দৈত্যাৰি, ৰামানন্দ আৰু ভূষণ বিজৰ ৰচিত। এই চাৰিখন চৰিত্ৰত যি যি কথা নাই আৰু যি যি কথা একজনৰ আদৰ্শৰ লগত খাপ নাখায় বা তাৰ বিপৰীতহে হয় তেনে কেইবাটিও কথা এই