॥ ওপচনি ॥
(ক) “মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ”
আঢ়ৈ কুৰি বছৰৰ মূৰত স্বৰ্গীয় লক্ষ্মীনাথ বেজবৰুৱাৰ এই নামৰ গ্ৰন্থৰ দ্বিতীয় তাঙৰণ প্ৰকাশিত হ’ল। এই তাঙৰণটি পাই আমাৰ মনত হৰিষ-বিষাদ উভয়েই উপস্থিত। হৰিষ হ’ল আধা-শতিকাৰ মূৰত দ্বিতীয় তাঙৰণে পোহৰৰ মুখ দেখাত; বিষাদ হ’ল তাঙৰণটি বাঞ্ছনীয়ভাবে নোলোৱাত।
প্ৰকাশকে জনাইছে—“ইতিমধ্যে সৌভাগ্যবশতঃ বেজবৰুৱা দেৱে নিজেই যুগুতাই থৈ যোৱা পাণ্ডুলিপিটোকে বেজবৰুৱা দেৱৰ কন্যা, স্বৰ্গীয় ৰোহিণী বৰুৱাৰ পত্নী শ্ৰীমতী ৰা বৰুৱাৰ পৰা পোৱা হ’ল। বেজবৰুৱাদেৱে দ্বিতীয় সংস্কৰণৰ বাবে যুগুতোৱা এই পাণ্ডুলিপিটোত প্ৰথম সংস্কৰণৰ পুথিৰ পৰা ভালেখিনি কথা বিয়োগ কৰিছে আৰু ভালেখিনি যোগ কৰিছে। এই যোগ-বিয়োগ তেখেতে নিজ হাতৰ আখৰেৰে যি ধৰণে কৰি থৈ গৈছে, আমি তাৰ অকণো হেৰ ফেৰ নকৰাকৈ হুবহু মুন্ত্ৰণ কৰিছে। আন কি বেজবৰুৱা দেৱে পুথিখনৰ জোৰণি পাত কেইখিলাও তেখেতে কৰি যোৱা পৰিকল্পনা অনুসৰি কৰা হৈছে।”
দুখৰ কথা, ইয়াৰ বাবে আমি প্ৰকাশকৰ শলাগ ল’ব নোৱাৰিলোঁ। গ্ৰন্থখনি হুবহু প্ৰথম ভাঙৰণৰ মতে ওলোৱা হলেও আমাৰ বিশেষ ক’ব লগা নাথাকিলহেতেন। গ্ৰন্থকাৰে যে দ্বিতীয় সংস্কৰণৰ বাবে পাণ্ডুলিপি “যুগুতাই থৈ” গৈছিল, প্ৰকাশকৰ “নিবেদন”ৰ বাহিৰে সেই কথাৰৰ দৃশ্যমান কোনো প্ৰমাণ আমাৰ আগত নাই। সৰহ নকলেও হ’ব, প্ৰথম তাঙৰণৰ পৰা যে “ভালেখিনি কথা বিয়োগ” কৰিছে আৰু “ভালেখিনি যোগ কৰিছে” চকুৱে দেখাত তাৰ কোনো চিন-চাৰ ক’তো পাবলৈ নাই। যদি কোৱা হয় বোলে প্ৰথম ভাঙৰণৰ লগত