“ৰাসো নাম বহু নৰ্তকীযুক্ত নৃত্যবিশেষঃ” বুলি শ্ৰীধৰ স্বামীয়ে ৰাসৰ ব্যাখ্যা দিছে। প্ৰকৃততে বিশ্বখনেই এক বিৰাট ৰাস-মঞ্চ; গোপীৰূপী জীৱ মাত্ৰই তাৰ “বহুনৰ্ত্তকী” আৰু নৰৰূপী কৃষ্ণই নহয়, “বিক্ৰীড়িতং ব্ৰজবধুভি বিদঞ্চ বিষ্ণোঃ।” আকৌ, “বেবেষ্টি ইতি বিষ্ণু”। বিশ্বৰ বাহিৰে-ভিতৰে যি ব্যাপি আছে তেৱেঁই বিষ্ণু, আৰু তেৱেঁই ৰাসক্ৰীড়াৰ নায়ক। মূল নীহাৰিকা ৰূপ সূৰ্য্যক কেন্দ্ৰ কৰি যেনেকৈ তাৰ পৰাই ওলোৱা সদৌ গ্ৰহ-উপগ্ৰহ চিৰকাল ঘুৰিব লাগিছে, ভগৱন্তৰ মায়া-যোনিৰ পৰা উদ্ভূত জীৱসমূহেও ঠিক তেনেকৈয়ে জানি বা নাজানি তেওঁকে কেন্দ্ৰ কৰি সেই “অনহদ”ৰ সঙ্গীতৰ তালে তালে নাচিব লাগিছে। কৃষ্ণৰ বাঁহীৰ মাত সেই অনন্ত সঙ্গীতৰে প্ৰতি-ৰূপ।
পুনৰ, “ৰসো বৈ সঃ।” তেওঁ আনন্দস্বৰূপ। সৃষ্টিৰ সদৌ ৰূপ-ৰস-শব্দ-স্পৰ্শ-ঘ্ৰাণে জীৱক যি আনন্দ দিয়ে সিও তেওঁৰ পৰাই আহে। তেওঁ চিৰ-প্ৰেমময়; পিতা ৰূপে, পতি ৰূপে, তেওঁ আমাক সেই প্ৰেমৰ অমৃত পিয়াইছে, আৰু পুত্ৰৰূপে, পত্নীৰূপে, তেৱেঁই তাক ঘুৰি পান কৰিছে। কিন্তু ই খণ্ড, ক্ষুদ্ৰ; ভূমা নহয়, মাত্ৰ ভূমাৰ ইঙ্গিত যাচিছে। যেন মাটিৰ কলহ এটাত চপচপীয়া হৈ কুঁহিয়াৰৰ ৰস ভৰি আছে; তাৰ মুখ বন্ধ আছে, কিন্তু তাৰ নেদেখা সৰু সৰু ফুটাইদি নিগৰি নিগৰি সামান্য ৰস বাহিৰ হৈছে। আমি তাকেই চেলেকিছোঁ, আৰু যিমানে চেলেকিছোঁ সিমানে কলহৰ ভিতৰত থকা ৰসৰ প্ৰতি আমাৰ অসীম তৃষ্ণা জাগি উঠিছে। অমৃত ৰসৰ এই ক্ষুদ্ৰ কণিকাবোৰে আমাৰ সেই ভূমাৰ তৃষ্ণা পূৰাব পৰা নাই; কিয়নো আমি প্ৰকৃততে ভূমাৰহে প্ৰয়াসী। সেইহে আকৌ, “যো বৈ ভূমা তদমৃতম। অথ যদল্লম্ তৎ মৰ্ত্তাম্।”