পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪৬
যুগনায়ক শঙ্কৰদেৱ

 প্ৰকৃততে ৰাসলীলা মাধৱী নিশাৰ এটি মধুৰ সপোন মাথোন; তাত বাস্তৱতাৰ লেশমাত্ৰ নাই, যিহেতুকে সি “যোগমায়ামুপাশ্ৰিতঃ।’’ তদুপৰি শুকদেৱে পৰীক্ষিতক দঢ়াই কৈছে—

“নাসূয়ন খলু কৃষ্ণায় মোহিতান্তস্য মায়য়া।
মন্যমানঃ স্বপাৰ্সস্থান শ্বান দ্বাৰান্ ব্ৰজৌকসঃ॥”

শঙ্কৰদেৱৰ ভাষাৰে—“মোহিলা গোপক কৃষ্ণৰ মায়া। কাষতে আছে দেখে নিজ জায়া॥” (কীৰ্ত্তন)। আৰু, “যশোদায়ো তৈত, পুত্ৰক দেখন্ত, শয্যাত আছন্ত শুতি।” (দশম)। যিসকল গোপীক লৈ কৃষ্ণই ৰাসক্ৰীড়া পাতিল বুলিছিল, তেওঁলোকক সেই সময়ত ঘৰতে থকা নিজ পতি-পুত্ৰই দেখা পাইছে, আৰু সেইদৰে যশোদাা দেখিছে পুতেক কৃষ্ণ তেওঁৰ কাষতে শুই আছে।

 গতিকে ৰাস-লীলাৰ শৃঙ্গাৰ ৰস প্ৰকৃততে কাম-ৰোগৰ ঔষধৰ ওপৰত চেনিৰ মিঠা লেপনমাত্ৰ। শঙ্কৰদেৱে লিখিছে, “শৃঙ্গাৰ ৰসে যাৰ আছে ৰতি। আকে শুনি হৌক নিৰ্মল মতি॥” “ইটো ৰাসক্ৰীড়া কেলি নামে কামজয়। কৰিলা ভৃত্যৰ পদে কৃষ্ণ কৃপাময়। আক শুনে-ভণে যিটো জনে অবিশ্ৰাম। বাঢ়িবে ভকতি অতি জিনিবেক কাম॥” “ইটো ৰাসক্ৰীড়া কথা কৃষ্ণৰ। একান্ত চিত্তে শুনে যিটো নৰ॥ কৃষ্ণ ভকতি বাঢ়িবে তাৰ। কাম-সাগৰ সুখে হৈব পাৰ॥ ইটো কামজয় কৃষ্ণৰ কথা। শুনা নৰ-দেহ নকৰাঁ বৃথা॥”

 চেনি-সনা থাকে বুলিয়েই বহুত লৰা-ছোৱালীয়ে ঔষধ খাবলৈ হেপাহ কৰে আৰু সেইদৰে গুণো পায়; তেনেকৈয়ে শৃঙ্গাৰ ৰসৰ লোভত পৰি কামাতুৰজনে কৃষ্ণৰ ৰাসলীলা শুনিও মুক্তি পাওক, এয়ে ইয়াৰ মৰ্ম। “দ্বেষ কৰি শিশুপালে লভিলে মুকুতি। বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি॥ বিষ বুলি অমৃতক পিলে যিটো নৰ। নুহিবেক জানো সিটো অজৰ অমৰ॥ যেন তেন মতে মাত্ৰ স্মৰোক সততে। এতেকে মুকুতি পাৱে কহিলোঁ বেকতে॥”