শ্ৰীমদ্ভাগৱতৰ ধৰ্মক এক প্ৰকাৰে বৈষ্ণৱ ৰহস্যবাদ বুলিব পাৰি। পুৰাণ-সূৰ্য্য ভাগৱত বা ৰামায়ণ-মহাভাৰতৰ দৰেও ই কোনো অৰ্থত ইতিহাস নহয়; ইয়াৰ নায়ক কৃষ্ণও মহাভাৰতৰ কৃষ্ণ বা দৈৱকী-পুত্ৰ প্ৰকৃততে নহয়। ই মুঠতে প্ৰতীক-ধৰ্মী; জীৱ মাত্ৰই গোপী আৰু গোপী-কৃষ্ণৰ মিলন জীৱাত্মা-পৰমাত্মাৰ মিলনৰ প্ৰতীক। “তদ্ যথা প্ৰিয়য়া স্ত্ৰীয়া সম্পৰিষক্তো ন বাহ্যং কিঞ্চন বেদনান্তৰমেবমেবায়ং পুৰুষঃ”—মনোৰমা তিৰুতাই আলিঙ্গন কৰি থকা অৱস্থাত মানুহে যেনেকৈ বাহিৰ-ভিতৰ একো ভূ নেপোৱা হয়, তেনেকৈ জীৱই প্ৰাজ্ঞ-আত্মাৰ দ্বাৰা পৰিবৃত থাকি বাহিৰ-ভিতৰ একো গম নোপোৱা হয়। শ্ৰুতিৰ এই উপমাই ভাগৱতৰ প্ৰতীকবাদৰ সঙ্কেত দিয়ে।
আকৌ শ্বেতাশ্বেতৰ উপনিষদত কোৱা “পতিং পতিনাং পৰমং পৰাস্তাৎ” বাক্যত গোপীসকলে উপপতি কৃষ্ণক ভজন কৰা উপমা পোৱা হয়। প্ৰতীক স্বৰূপে ব্যাখ্যা কৰিলে, সংসাৰ গোপী-ৰূপী জীৱৰ পতি; বৈষয়িক কৰ্ত্তব্য-পালন তেওঁলোকৰ পতি-সেৱাৰ তুল্য। এই বিচাৰত কৃষ্ণ তথা পৰমাত্মাৰ প্ৰতি ধাউতি গোপী-ৰূপী জীৱৰ অকাৰ্য্য, আৰু ই উপপতি আসক্তিৰ সমকক্ষ। সামাজিকভাৱে “উপপতি সমে ক্ৰীড়া গৰিহিত কৰ্ম”; হলেও কিন্তু যি হেতুকে কৃষ্ণপতিং পতিনাম” সেই হেতুকে সি দোষৰ হাত সাৰি যায় : “কহিলা যিটো কুল-স্ত্ৰী কৰ্ম। তোমাত আছোক সি সৱ ধৰ্ম॥” (কীৰ্ত্তন)।
অকল ইমানেই নহয়, সৰ্বত্যাগ নকৰিলে যে ভগৱন্তক পাব নোৱাৰি পৰ-দাৰ হৈ কৃষ্ণই জীৱৰূপী গোপীসকলক সেই পাঠো দিছিল। গোপীহঁত কৃষ্ণৰ নিজ পত্নী হোৱা হ’লে শাস্ত্ৰ আৰু সমাজৰ বিধানমতে সৰ্বস্ব-ত্যাগৰ কোনো প্ৰমাণেই জাজ্জ্বল্যমান হৈ নুঠিলহেতেন।
স্বৰূপতে, গোপীৰ বস্ত্ৰহৰণ এই ত্যাগ-শিক্ষাৰ আদিপাঠ। বাইবোলৰ মতে মানুহৰ প্ৰথম আধ্যাত্মিক পতন হল বস্ত্ৰ-পৰিধানৰ প্ৰমাণ অৰ্থাৎ দ্বৈতজ্ঞান জন্মাৰ পৰা। “চৈতন্য স্বৰূপে ব্যাপি এক নিৰঞ্জন। তাহাক