পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪২
যুগনায়ক শঙ্কৰদেৱ

আন একো নাজানি, সেয়ে ভূমা। যাক দেখিলে আনো দেখি, যাক শুনিলে আনো শুনি, আনো জানি, সেয়ে অল্প (ক্ষুদ্ৰ)। “যত্ৰ নান্যৎ পশ্যতি নান্যৎ শৃণোতি নান্যৎ বিজানাতি স ভূমা। অথ যত্ৰ অন্যাৎ পশ্যতি অন্যাৎ শৃণোতি অন্যাৎ বিজাতি তদল্পম।”

 তেনেহলেনো ভূমাৰ স্বৰূপ কি? যি ভূমা সেয়ে অমৃত; যি অল্প, সেয়ে মৰ্ত্ত্য। “যো বৈ ভূমা তদমৃতম্। অথ যদল্পম্ তৎ মৰ্তম্।”

 সেই ভূমা নো কোনে থাপিলে? ছান্দোগ্যই কয়, কোনেও নাথাপিলেও সি আত্ম-প্ৰতিষ্ঠিত নিশ্চয়। “স্বে মহিম্নি যদি বা ন মহিন্মীতি।” (ছান্দোগ্য উপনিষদ, ৭২৪)।

 এই যে ভূমা আৰু আত্মা, সেয়ে আগ-পিছ, উত্তৰ-দক্ষিণ, সকলো জুৰি আছে। যি সেই আত্মত সৰ্বক্ষণ ক্ৰীড়া কৰে তেওঁৰ সদৌ লোকত স্ফুৰণ হয়, ইত্যাদি।

 “অথাত আত্মাদেশ এৱ আত্মৈৱাধস্তাদাত্মোপৱিষ্টাদাত্মা পশ্চাদাত্মা পুৰস্তাদাত্মা দক্ষিণত আত্মোত্তৰ আত্মৈবেদং সৰ্বমিতি। স বা এক এবং পশ্যন্নেৱং মান্বান এৱং বিজান্নাত্মৰাত্মৰতিঃ আত্মীক্ৰীড় আত্মমিথুন আত্মানন্দঃ স স্বৰাড, ভৱতি তস্য সৰ্বেষু লোকেসু কামাচাৰো ভৱতি।” (ছান্দোগ্য উপনিষদ, ৭৷২৫৷১-২)।

 এই যে আত্মাৰ স্ব-ৰাজ্য তাত জোন-বেলি ভৰা-বিজুলীয়ে পোহৰ নিদিয়ে; জুইৰ পোহৰৰ যে কথাই নাই! তাৰ নিজ পোহৰত আন এই সকলো উদ্ভাসিত হয় :

“ন তত্ৰ সূৰ্য্যো ভাতি ন চন্দ্ৰতাৰকম্
নে মা বিদ্যুতো ভান্তি কুতো’য়ম অগ্নিঃ।
তম্ এৱ ভান্তম্ অনুভাতি সৰ্বম্
তস্য ভাসা সৰ্বম্ ইদম্ বিভাতি॥”

 এই যে আত্মাৰ ৰাজ্য আৰু সেই যে অমৃত-লাভ তাৰ বাবে ৰহস্যবাদীসকলে উলিয়ালে চমু বাট—ভক্তি পন্থা। এই ৰহস্যবাদ-