বিচাৰে, সিহে আত্মাৰ কাম্য। “ন বা অৰে সৰ্বস্য কামায় সবং প্ৰিয়ং ভৱতি; আত্মন্তু কামায় সৰ্বং প্ৰিয়ং ভৱতি।” (বৃহদ আৰণ্যক, ১৷৪৷৮)।
স্বৰূপতে জগতত প্ৰেয়ঃ একমাত্ৰ আত্মা। পুত্ৰ-পূত্ৰী আমাৰ প্ৰকৃত প্ৰেয়ঃ নহয়, ধন-বিত বাস্তৱতে আমাৰ প্ৰেয়ঃ নহয়; আত্মাৰ বাহিৰে সচাকৈয়ে একোৱেই আমাৰ প্ৰেয়ঃ নহয়। যদি সেইবোৰ কেতিয়াবা কেনেবাকৈ প্ৰেয়ঃ হয়, বুজিব লাগিব তাৰ সোৱাদ অকল আত্মাৰ পৰা ধাৰ কৰা। “তদেতৎ প্ৰেয়ঃ পুত্ৰাৎ, প্ৰেয়ঃ বিত্তাৎ, প্ৰেয়ঃ অন্যস্মাৎ, সৰ্বস্মাৎ অন্তৰতৰম যদ্ অয়ম্ আত্মা।” (বৃহদাৰণ্যক ১৷৪ ৮)
তেন্তে এই আত্মা-বস্তুৱেই একমাত্ৰ দেখিবৰ, শুনিবৰ, মন কৰিবৰ বিষয়। “আত্মা বা অৰে দ্ৰষ্টব্যঃ শ্ৰোতব্যঃ মন্তব্যঃ নিদিধাসিতব্যঃ।”
আকৌ, স্তন্যপায়ী জীৱ-শিশু মাত্ৰই উপজিয়ে মাতৃস্তন চুহিবলৈ বিচৰাৰ দৰে, জীৱ-মাত্ৰই যে আজীৱন সুখ, কেৱল সুখ, পৰম সুখ বিচাৰে, সিও পূৰ্বজন্মৰ সংস্কাৰৰ ফলেই যে সন্দেহ নাই। গতিকে এই সুখ নো কি তাকেইহে বিচাৰ কৰি চাব লাগে,—“সুখং বেব বিজিজ্ঞাসিতব্যম্ ইতি।”
উপনিষদৰ অন্তৰ্দ্ৰষ্টা ঋষিয়ে আত্মাৰ নিৰ্দেশ কৰিছে তাক আনন্দ স্বৰূপ বুলি। আনন্দ নোহোৱা হলে কিহে এই প্ৰাণ আৰু এই আকাশত আনন্দৰ লহৰ তুলিলহেতেন। “ৰসো বৈ সঃ৷ ৰসং হ্যেৱায়ং লব্ধা আনন্দী ভৱতি। কো হ্যেৱান্যাৎ কঃ প্ৰাণ্যাৎ যদ্যেষ আকাশ আনন্দো ন স্যাৎ।” (তৈত্তিৰীয়োপনিষৎ, ২৷৬)।
তেন্তে সুখ নো কি? উপনিষদে কয়, যি ভূমা সেয়ে মুখ, আৰু যি ক্ষুদ্ৰ ( অল্প) সেয়ে দুখ। “যো বৈ ভূমা তৎ সুখম৷ নাল্পে সুখমন্তি। ভূমৈব সুখম্। ভুমাত্বেৱ বিজিজ্ঞাসিতব্যম্ ইতি।”
বাৰু ভূমা নো কাক বোলে? উপনিষদৰ ঋষিয়ে সকলে কয়— “যাক দেখিলে আন একো নেদেখি, যাক শুনিলে আন একো নুশুনি,