পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩৭
মহাপুৰুষীয়া ধৰ্মত ভক্তিৰ দাৰ্শনিকতা

তাকেইহে শুনে, তাকেইহে ভাবে, তাকেইহে চিন্তে। এয়েই অহৈতুকী বা মুখ্য ভক্তিৰ লক্ষণ। “ওঁ গৌণী ত্ৰিধা গুণভেদাৎ আৰ্ত্তাদি ভেদাৎ বা।” ৫৬।—সত্ত্ব-ৰজঃ-তমঃ স্বভাৱ বা আৰ্ত্ত-জিজ্ঞাসু-অৰ্থাৰ্থী ভেদে সকামী বা গৌণী ভক্তিও আছে।

 অষ্টম অনুবাকৰ নৱটি সূত্ৰত আকৌ ভক্তিৰ আন কিছুমান সাধন বৰ্ণাইছে। “ওঁ অন্যস্মাৎ সৌলভ্যং ভক্তৌ।” ৫৮।—(যোগ কৰ্ম জ্ঞান আদি ) আনতকৈ ভক্তি সুলভ। গীতাত কৈছে—

“ক্লেশোহধিকতৰ স্তেষামব্যসক্তাচেতসাং।
অব্যক্তা হি গতি ৰ্দুঃখং দেহবস্তিবাপ্যতে॥”

 সেইবাবে অব্যক্ত ব্ৰহ্মৰ প্ৰাপ্তিসাধন এৰি সহজ সৰল ভক্তি-ধৰ্ম গ্ৰহণ কৰিবলৈ মাধৱদেৱে কৈছে—

“অব্যক্ত ঈশ্বৰ হৰি   কিমতে পূজিবা তাঙ্ক,
  ব্যাপকত কিবা বিসৰ্জন।
এতাৱন্ত মূৰ্ত্তিশূন্য  কেনমতে চিন্তিাবাঁহা,
  ৰাম বুলি শুদ্ধ কৰা মন।”—নামঘোষা

 “ওঁ প্ৰমণান্তৰস্যানপেক্ষাৎ স্বয়ং প্ৰমাণত্বাৎ।” ৫৯।—ভক্তি যে আনতকৈ সুলভ তাৰ আন প্ৰমাণ কিয় লাগে, ভক্তি নিজেই তাৰ প্ৰমাণ। “ওঁ শান্তিৰূপাৎ পৰমানন্দৰূপাচ্চ।” ৬০।—শান্তিম্বৰূপ আৰু পৰমানন্দ স্বৰূপ যে ভক্তি তাতকৈ সহজসাধ্য আছে কি? “ওঁ লোকহানৌ চিন্তা ন কাৰ্য্যা নিবেদিতাত্মলোকবেদশীলতাৎ।” ৬১। —সাংসাৰিক লোক-হানিৰ কথা চিন্তা কৰিব নালাগে, কিয়নো ( ভক্তি-পথ গ্ৰহণৰ দ্বাৰা) নিজক, আত্মীয়ক, বেদ-বিহিত কাৰ্য্য, আচাৰ আদি ভগৱন্তত অৰ্পণ কৰা হৈছে। “ওঁ ন তদসিদ্ধৌ লোকব্যৱহাৰো হেয়ঃ, কিন্তু ফলত্যাগস্তৎসাধনঞ্চ কাৰ্য্যমেব।” ৬২। সেইটো ( ভগৱন্তত সমস্ত অৰ্পণা) অসিদ্ধ থাকে মানে লৌকিক ব্যৱহাৰ আওহেলা কৰিব নাপায়; কিন্তু লৌকিক আৰু বৈদিক কৰ্মফল ত্যাগ