পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩৫
মহাপুৰুষীয়া ধৰ্মত ভক্তিৰ দাৰ্শনিকতা

 জ্ঞান-কৰ্মযোগ প্ৰত্যেকেই ঈশ্বৰ-লাভৰ পন্থা মাত্ৰ; কিন্তু ভক্তি পন্থা হৈও নিজে লক্ষ্য; গতিকে “ফলৰূপত্বাৎ।” “ওঁ ৰাজগৃহ-ভোজনাদিষু তথৈব দৃষ্টত্বাৎ।” ৩১। “ওঁ ন তেন ৰাজপৰিতোষঃ ক্ষুধাশান্তিৰ্বসা।” ৩২।—ৰাজকাৰেং দেখিলেই যেনেকৈ ক্ষুধাৰ শান্তি নহয়, তেনেকৈ জ্ঞান আদিৰ দ্বাৰাও, ভক্তিৰ অবিহনে, ঈশ্বৰ-লাভ নহয়। পঞ্চম অনুৱাকৰ নৱটি সূত্ৰত ভক্তি-সাধনৰ নিয়ম। “ওঁ তত্তূ, বিষয়ত্যাগাৎ সঙ্গত্যাগাচ্চ।” ৩৫।—ইন্দ্ৰিয়জনিত (বিষয় ) সুখ আৰু ( অসৎ) সঙ্গ ত্যাগ কৰিলে: “ওঁ অব্যাবৃত-ভজনাৎ।” ৩৬।—ছেদভেদ নেহোৱাকৈ ভজন কৰিলে : “ওঁ লোকেহপি ভগবদ গুণ শ্ৰৱণ কীৰ্ত্তনাৎ।” ৩৭।—লোকৰ ( সাধুৰ) পৰা ঈশ্বৰৰ গুণ শ্ৰৱণ-কীৰ্ত্তন কৰি : “ওঁ মুখ্যতস্তু মহৎ কৃপয়ৈব ভগৱৎ কপালেশাদ্বা।” ৩৮। —ঘাইকৈ মহৎজনৰ বা ভগৱন্তৰ কৃপাৰ লেশমাত্ৰ পালেও ভক্তি-লাভ হয়। “ওঁ মহৎ সঙ্গস্তু দুৰ্লভোহগম্যোহমোঘশ্চ।” ৩৯।—মহৎ সঙ্গ অমোঘ হলেও দুৰ্লভ আৰু অগম্য। “ওঁ লভ্যতে তৎকৃপয়ৈব।” ৪০।—ভগৱন্তৰ কৃপা হলে লভিব পাৰি। “ওঁ তস্মিন্ তজ্জনে ভেদাভাবাৎ,” ৪১।—ভক্ত আৰু ভগৱন্তৰ ভেদ নাই গুণে। “ওঁ তদেব সাধ্যতাম তদেব সাধ্যতাম্।” ৪২।—ভক্তিৰেই সাধনা কৰা, ভক্তিৰে সাধনা কৰা।

 ষষ্ঠ অনুবাকৰ আঠটি সূত্ৰত ভক্তিৰ বাটত আগ বাঢ়িবৰ উপায় কৈছে। “ওঁ দুঃসঙ্গ সৰ্বথৈব ত্যজ্যঃ।” ৪৩৷—কুসঙ্গ সদায় ত্যাগ কৰিব লাগে। “ওঁ কাম-ক্ৰোধ-মোহ স্মৃতি-ভ্ৰংশ-বুদ্ধিনাশ-সৰ্বনাশ কাৰণাৎ।” ৪৪।—কুসঙ্গৰ কুফলৰ কথা গীতাত সুন্দৰকৈ বৰ্ণাইছে :

“ধ্যায়তো বিষয়ান্ পুংসঃ সঙ্গন্তেষভিজায়তে।
সঙ্গাৎ সঞ্চায়তে কামঃ কামাৎ ক্ৰোধাহভিজায়তে।
ক্ৰোথাৎ ভৱতি সম্মোহঃ সম্মোহাৎ স্মৃতি-বিভ্ৰমঃ।
স্মৃতিভ্ৰংশাৎ বুদ্ধিনাশঃ বুদ্ধিনাশাৎ বিনশ্যতি।”

 ওঁ তৰঙ্গায়িতা অপীমে সঙ্গাৎ সমুদ্ৰায়ন্তি।” ৪৫৷—কাম-ক্ৰোধ