ব্যাকুলতা (সেয়ে ভক্তি) "ওঁ যথা ব্ৰজগোপিকানাম।" ২১।-চতুৰ্থ অনুবাকৰ নৱটি সূত্ৰত "ওঁ না তু কৰ্ম-জ্ঞান-যোগেভ্যোহধিকতবা।” ২৫। বুলি ভক্তিৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবৰ প্ৰয়াস পাইছে। “ওঁ ফলৰূপত্বাৎ।” ২৬। “ওঁ স্বয়ং ফলৰূপতেতি ব্ৰহ্মকুমাৰঃ।” ৩০। বুলি দঢ়াই কৈছে। মহাপুৰুষীয়া শাস্ত্ৰসমূহ “নাৰদীয়া ভক্তিসূত্ৰ”ৰ দৰেই ভক্তিৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাত অত্যন্ত তৎপৰ :-
“জ্ঞানতো কৰ্মতো কৰি সম্প্ৰতি।
হৰি-কীৰ্ত্তনেসে পৰম গতি॥”
“নলাগে দেৱ দ্বিজ ঋষি হুইবে।
নলাগে সমস্ত শাস্ত্ৰ জানিবে॥
মিছাত মৰে আন কৰ্ম কৰি।
হোৱন্ত ভকতিত তুষ্ট হৰি॥”
“মুকুতি ৰসকো স্ৰৱে ভকতি।
তাক এড়ি কৰে জ্ঞানত ৰতি॥
দুঃখ মাত্ৰ পাৱে পাছে সে জানে।
কাঠ-পতানক যেন বাহানে॥”
“জ্ঞানতো কৰ্মতো কৰিয়া নৰ।
হৰি-কীৰ্ত্তনত কৰা আদৰ।৷” —পাষণ্ডমৰ্দন
“কেৱল ভকতি পুৰুষক তাৰে,
সহায় কাকো নচাৱে।
জ্ঞান-কৰ্ম তাৱে তাৰিতে নপাৰে
ভকতি নপাৱে যাৱে॥ ২০০।
শবদ ব্ৰহ্মৰ পাৰ ভৈল যিটো
কৃষ্ণত ভকতি নাই।
তাৰ মাত্ৰ শ্ৰম, শ্ৰমে মাত্ৰ ফল,
যেন ৰাখে বাকী গাই॥ ২৯০।
ভকতিৰ ফল ভকতিসে মাত্ৰ
জানা আক নিষ্ঠ কৰি॥" –নামঘোষা