নাথাকিলে জোনে আপুনি পোহৰ ঢালে, মানুহৰ অন্তৰত তেনেকৈ বিৰোধী কামনাবোৰৰ “নিৰোধ” হলেই ভক্তি আপোনা-আপুনি বিকশি উঠে। “ওঁ নিৰোধন্তু লোক-বেদ-ব্যাপাৰ সন্ন্যাসঃ।” ৮।— লৌকিক (নিত্য-নৈমিত্তিক) আৰু বৈদিক ( যাগ-যজ্ঞাদি) ব্যাপাৰৰ (কৰ্মবোৰৰ) সন্ন্যাস (ত্যাগ), তাকে “নিৰোধ” বোলে বুলি আগৰ সূত্ৰৰ সেই শব্দৰ ব্যাখ্যা দিছে। “ওঁ তস্মিন্ অনন্যতা তদ্বিৰোধিষু উদাসীনতা।” ৯।–ভক্তি তথা ভগৱন্তৰ পৰা অন্তৰায় ঘটোৱা কথাৰ পৰা আঁতৰি থকা (উদাসীনতা), ইও “নিৰোধ” বুলি বিস্তৃত ব্যাখ্যা দিছে। “ওঁ অন্যাশ্ৰয়ানাং ত্যাগাহনন্যতা।” ১০।–(ভগৱন্তৰ বাহিৰে) আন শৰণ (আশ্ৰয়) ত্যাগ কৰাই “অনন্যতা।” “ওঁ লোকে বেদেষু তদনুকূলচাৰণং তদ্বিৰোধিষু উদাসীনতা।” ১১।–লৌকিক (সাংসাৰিক) আৰু বৈদিক ক্ৰিয়া-কলাপত ভগৱন্তৰ অনুকূলে (সপক্ষে) আচৰণীয় কামৰ বাহিৰে আনবোৰ বিৰোধিতা কৰাই ( অৰ্থাৎ তেনেবোৰ কাম নকৰাই) “উদাসীনতা”। “ওঁ ভৱতু নিশ্চয়দাৰ্ঢ্যাদূৰ্দ্ধং শাস্ত্ৰৰক্ষণং।” ১২।-(ভগৱন্তত মতি দৃঢ় নোহোৱালৈকেহে শাস্ত্ৰবিহিত কাৰ্য কৰিব; হলে নালাগে)। “ওঁ অন্যথা পাতিত্যাশঙ্কয়া।” ১৩।—নহলে পতন (সত্য-বিচ্যুতি) ঘটিবৰ আশঙ্কা। “ওঁ লোকোহপি তাবদেৱ কিন্তু ভোজনাদি ব্যাপাৰস্ত্বা শৰীৰ-ধাৰণাৱধি।” ১৪।–লৌকিক (সাংসাৰিক) কাৰ্য্যবোৰো তেতিয়ালৈকে (ভগৱন্তত মতি দৃঢ় নোহোৱালৈকে) থাকিব, কিন্তু খোৱা-পীয়া আদি বেহা দেহ থাকে মানে থাকিব।
তৃতীয় অনুবাকৰ দহটি সূত্ৰ ভক্তি সম্বন্ধে। “ওঁ পূজাদিম্বনুৰাগ ইতি পাৰাশৰ্য্যঃ।” ১৬। “ওঁ কথাদিম্বিতি গৰ্গ।” ১৭। “ওঁ আত্মৰত্য- বিৰোধেনেতি শাণ্ডিল্যঃ।” ১৮। আদি বিভিন্ন মতৰ উল্লেখ কৰি শেষত নিজ মত বিবৃত কৰি তাৰ প্ৰতিষ্ঠা কৰিছে,-“ওঁ নাৰদস্তু তদৰ্পিতা খিলচাৰত তদ্বিস্মৰণে পৰম ব্যাকুলতেতি।” ১৯।–নাৰদৰ মতে (ভগৱন্তত) সমস্ত কাৰ্যৰ অৰ্পণ, তেওঁৰ বিস্মৰণত পৰম