পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উনপঞ্চাশ

মহাপুৰুষীয়া ধৰ্মত ভক্তিৰ দাৰ্শনিকতা

ভক্তি-ধৰ্ম ই পৃথিবীৰ সদৌ ধৰ্মৰ সাৰ আৰু সাৰ্বজনিনতা। সকলো ভক্তি-গ্ৰন্থৰ ভিতৰত ভক্তিৰ দাৰ্শনিকতা সম্বন্ধে “নাৰদীয় ভক্তিসূত্ৰ” অন্যতম প্ৰাচীনতম আৰু শ্ৰেষ্ঠতম গ্ৰন্থ; ইয়াত শাণ্ডিল্য প্ৰভৃতি প্ৰাচীন ভক্তিসূত্ৰকাৰ সকলৰ মনৰ আলোচনাও আছে। অতীত কালৰ গুৰু-মুখী বিদ্যাত সু-সাহিত্যৰ বিশেষ স্থান আছিল; আলোচনা-প্ৰসঙ্গত মনত ৰাখিবলগীয়া ঘাই কথাখিনি সূত্ৰৰ আকাৰে দিয়া হয়। এই সূত্ৰ-সাহিত্যৰ ভিতৰত ব্ৰহ্ম-সূত্ৰ বা বেদান্ত-সূত্ৰই মুখ্য। ইয়াৰ বাহিৰেও গৃহসূত্ৰ, শ্ৰৌতসূত্ৰ আদিও আছিল। আজি-কালিৰ অৰ্থ-পুথিৰ বিপৰীতে এই সূত্ৰ-গ্ৰন্থবোৰত সাৰ কথাবোৰ এনেদৰে থুপাই থোৱা হয় যে তাক বুজিবৰ বাবে বিশেষ চিন্তা-চৰ্চাৰ প্ৰয়োজন হয়। এইবোৰ ব্যৱহাৰিক গ্ৰন্থ।

 নাৰদীয় ভক্তিসূত্ৰ সৰ্বমুঠ ৮৪টি সূত্ৰ, দহটি অনুৱাক বা অধ্যায় বিভক্ত হৈছে। প্ৰথম অনুবাকত ভক্তি কাক বোলে আৰু ভক্তি- লাভৰ ফল কি তাক বুজোৱা হৈছে। “ওঁ অথাতো ভক্তিং ব্যাখ্যা- স্যামঃ।” ১। ইয়াত দেৱৰ্ষি নাৰদে নানা পূৰ্ব আলোচনাৰ পাছত যে এই কথালৈ আহিছে “অথাতো” শব্দই তাৰে ইঙ্গিত দিছে। দেৱৰ্ষিৰ ভক্তিৰ সংজ্ঞা বৰ সৰল, অথচ বৰ ব্যাপক—"ওঁ‌ সা কস্মৈ পৰম প্ৰেম- ৰূপা।” ২। কাৰো প্ৰতি পৰম প্ৰেমেই ভক্তি। এই “কস্মৈ" যে ভগৱন্তৰ বাহিৰে আন হব নোৱাৰে, বা যাৰ প্ৰতি এই "পৰম প্ৰেম” হয় তেওঁ ভগৱন্তলৈ ৰূপান্তৰিত নহৈ নোৱাৰে, তাক কোৱাই বাহুল্য। "ওঁ‌ অমৃত-ৰূপা।” ৩। “পৰম প্ৰেম"ৰ অন্যতম আৰু বিস্তৃত লক্ষণ হল “অমৃত স্বৰূপা”। “অমৃত”-যাৰ সোৱাদ অতি প্ৰীতিকৰ আৰু যাৰ সদ্যোগে অমৰ দান কৰে; এই উভয় অৰ্থতে