কৰিলেক বশ্য মোৰ চিত্ত ভাগৱত গ্ৰন্থ বিপৰীত,
পৰম আনন্দে পঢ়িলোঁ মই আপুনে॥ ৬৪৬।
তোমাত কহিবোঁ সেহি শাস্ত্ৰ তুমি আক শুনিবাৰ পাত্ৰ,
মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি॥” ৬৪৭।
এই পৰম তত্ত্ব আৰু তাৎপৰ্য্যপূৰ্ণ মহাপুৰুষৰ সেৱাই নিশ্চয় মহাপুৰুষীয়া ধৰ্মৰ লক্ষ্য। শঙ্কৰদেৱ-মাধৱদেৱে নিশ্চিতভাৱে এই মহাপুৰুষকে ভক্তৰ সেৱাৰ থলীৰূপে চিনাই দিছিল। কিন্তু যি বুদ্ধদেৱে নৈতিক উৎকৰ্ষৰ ওপৰত হেচা দিবৰ বাবে তেওঁৰ ধৰ্মত ঈশ্বৰৰ নাম পৰ্যন্ত বাদ দিছিল সেই বুদ্ধদেৱেই যেনেকৈ কালৰ গতিত ঈশ্বৰ-অৱতাৰ ৰূপে পূজিত হবলৈ ধৰিলে, বেদ-বেদান্তৰ অতীতত গোপ্যৰূপে থকা মহাপুৰুষক চিনাই দিয়া শঙ্কৰদেৱ-মাধৱদেৱে কালৰ গতিত যে নিজেই মহাপুৰুষ বুলি অভিহিত হ’ব তাত বিচিত্ৰ কি? কিন্তু তাৰ বাবেই এই বিশ্বজনীন্ মহাপুৰুষীয়া ধৰ্মক শঙ্কৰদেৱ-মাধৱদেৱৰ নামৰ এটা সাম্প্ৰদায়িক ধৰ্ম বোলা অন্যায় হয় নিশ্চয়।
উদ্ধৃত তাৎপৰ্যপূৰ্ণ ঘোষা দুটিৰ পৰা মহাপুৰুষীয়া ধৰ্মৰ আৰু এটি স্বৰূপৰ ইঙ্গিত পোৱা হয়। শুকদেৱ নিৰ্গুণ ব্ৰহ্মৰ উপাসক আছিল বুলি নিজে সৈ কাঢ়িছে, কিন্তু ভাগৱতসগুণ উপাসনাৰ শাস্ত্ৰ বুলি স্বীকাৰ কৰা হৈছে। মহাপুৰুষীয়া ধৰ্মও সেইদৰেইসগুণ উপাসনাৰ ধৰ্ম, কিন্তু ই নিৰ্গুণৰহে প্ৰকাশ:
“নিৰ্গুণ কৃষ্ণৰ গুণক প্ৰকাশ
কৰি শ্ৰীশঙ্কৰে॥” ৩৫৬।
এইখিনিতে মহাপুৰুষীয়া ধৰ্মৰ নিৰ্গুণ আৰু সগুণৰ তাৎপৰ্য্য বুজিবৰ আৱশ্যক হয়। মহাপুৰুষীয়া ধৰ্মৰ উপাস্য কৃষ্ণ দৈৱকী-পুত্ৰ হৈয়ো নিৰ্গুণ; সগুণ নহয় :
“একান্ত ভকত সৱে নিৰ্গুণ কৃষ্ণৰ গুণ
গাৱে সদা বসিয়া যথাত।” ৪।