“পুৰুষ উত্তম পৰম পুৰুষ
পৰম আনন্দ স্বামী।
তযু পাদ-পদ্ম মকৰন্দ আশে
শৰণ পশিলোঁ আমি॥” ১৮৬।
শব্দ প্ৰণৱ বা ওঙ্কাৰ) ব্ৰহ্মৰূপ; কিন্তু পুৰুষোত্তম কৃষ্ণৰ ভকতি বিনে তাৰ সিপাৰ হৈও লাভ নাই:
“শবদ ব্ৰহ্মৰ পাৰ ভৈল যিটো,
কৃষ্ণত ভকতি নাই।
তাৰ মাত্ৰ শ্ৰম, শ্ৰমে মাত্ৰ ফল,
যেন ৰাখে বাঁজী গাই॥” ২৯০।
কিন্তু ব্ৰহ্মৰো ব্ৰহ্ম যি পৰম ব্ৰহ্ম, পুৰুষ-প্ৰকৃতি নিয়ন্তা যি পুৰুষোত্তম তেওঁৰ প্ৰতি ভক্তিয়েই মহাপুৰুষীয়া ধৰ্মৰ একমাত্ৰ সাধন :
“সেহি ধন্য লোক শুচিমন্ত সৰ্বগুণে শ্ৰেষ্ঠ বিদ্যাৱস্ত
যজ্ঞ তপে আতি সি সি জন শুদ্ধ মতি।
সি সি এন মহা দাতা জ্ঞানী সি সি সত্যবাদী মহামানী
পুৰুষোত্তমত আছয় যাৰ ভকতি॥” ৬৭০।
বসুদেৱে এই পৰম পুৰুষকে নিজৰূপে জানিছিল—
“বসুদেৱ নিগতি হাসি সাক্ষাতে বিদিত ভৈলা আসি
তুমি সে পুৰুষ প্ৰকৃতিত কৰি পৰ।
সমস্ত জীৱৰ বুদ্ধি সাক্ষী, কেৱল আনন্দ অনুভৱ,
স্বৰূপ সুখৰ সাগৰ দেৱ ঈশ্বৰ॥” ৬৫৩।
সৱশেষত, সেই পুৰুষোত্তম বা পৰম পুৰুষেই যে জৰথুস্ত্ৰ ধৰ্মৰ “অহুৰ্, মজ্দা”ৰ দৰে মহাপুৰুষ তাক এই দুফাকি ঘোষাই স্পষ্টকৈ কৈ দিয়ে :
“শুক নিগদতি পৰীক্ষিত, যদি আমি নিৰ্গুণত স্থিত,
তথাপি উত্তম শ্লোকৰ মহিমা গুণে।